মাতৃভাষাৰ চর্চা, উত্তৰণ আৰু ঐতিহ্য ৰক্ষাৰ সংকল্প ল'লে বঙাইগাঁওবাসীয়ে...

মাতৃভাষা মাধ্যমত শিক্ষাগ্রহণ কৰাটো এটা বিজ্ঞানসম্মত ব্যৱস্থা। এই ব্যৱস্থাৰ বিপক্ষে গতি কৰি এনে এক ব্যৱস্থা গঢ়ি উঠিছে, যি ব্যৱস্থাই মাতৃভাষাক এলাগী কৰি, মাতৃভাষাৰ শিক্ষাব্যৱস্থাক এলাগী কৰি এনে

New Update
rfrffff

ডিজিটেল সংবাদ, বঙাইগাঁওঃ  'মাতৃভাষা মাধ্যমত শিক্ষাগ্রহণ কৰাটো এটা বিজ্ঞানসম্মত ব্যৱস্থা। এই ব্যৱস্থাৰ বিপক্ষে গতি কৰি এনে এক ব্যৱস্থা গঢ়ি উঠিছে, যি ব্যৱস্থাই মাতৃভাষাক এলাগী কৰি, মাতৃভাষাৰ শিক্ষাব্যৱস্থাক এলাগি কৰি এনে এক ব্যবস্থা গঢ়ি তুলিছে যিটো ব্যৱস্থাই এটা ঠেৰু ছিগা প্রজন্মৰ জন্ম দিছে। এই ব্যৱস্থাৰ দ্বাৰা এটা শিপাহীন প্রজন্মৰ জন্ম হ'বলৈ গৈ আছে, যিটো প্রজন্মই জাতিৰ ভবিষ্যত, মানুহৰ ভৱিষ্যত, নতুন প্রজন্মটোৰ প্রত্যেকগৰাকী সদস্যৰ ভৱিষ্যত বিপন্ন কৰিবলৈ গৈ আছে।' 'প্রণামো মাতৃভাষা' গোটৰ উদ্যোগত আজি বঙাইগাৱত অনুষ্ঠিত এখন সজাগতা সভাত এই ভাষ্য আগবঢ়ায় ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডা সত্যকাম বৰঠাকুৰে।

Advertisment

51bf71a2-1c03-48ec-b3df-cccb0eeb4c29

উল্লেখযোগ্য যে,  মাতৃভাষাৰ চর্চা, উত্তৰণ আৰু ঐতিহ্য ৰক্ষাৰ সংকল্পৰে অসমৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন আৰু অসম জাতীয় বিদ্যালয়সমূহৰ লগত জড়িত ব্যক্তি তথা কেইবাগৰাকীও সচেতন ব্যক্তিৰ সন্মিলত প্ৰচেষ্টাত গঠন হোৱা প্ৰণামো মাতৃভাষাৰ উদ্যোগত দ্বিতীয়খন সজাগতা সভাত বঙাইগাও চহৰৰ বীৰঝৰা পাব্লিক লাইবেৰীত অনুষ্ঠিত হয়। 

বঙাইগাও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত অনুষ্ঠিত সজাগতা সভাখনত সভাপতিত্ব কৰে কটন মহাবিদ্যালয়ৰ উপাচার্য তথা প্রণামো মাতৃভাষা'ৰ সভাপতি ডা ৰমেশ চন্দ্র ডেকাই। আদৰণী ভাষণা আগবঢ়ায় বঙাইগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি অৰুণ ৰায়ে । উল্লেখযোগ্য যে,  বঙাইগাঁও জিলাৰ আয়ুক্ত নবদ্বীপ পাঠকে বন্তি প্রজ্বলন কৰি সজাগতা সভাখন উদ্বোধন কৰে।

সজাগতা সভাখনত বিশিষ্ট সাংবাদিক প্রকাশ মহন্তই কয় যে,  যিসকলে ইংৰাজী পঢ়িব নাজানিলে উচ্চ শিক্ষা ল'ব নোৱাৰিব বুলি ভাবে বা জ্ঞান আহৰণ কৰিব নোৱাৰিব বুলি ভাবে নাইবা সমাজত হেয় হ'ব লাগিব বুলি ভাবে সেইসকলৰ সেই ধাৰণা ভুল বা ভ্রান্ত ধাৰণা। সমগ্র বিশ্ব এই ধাৰণাৰ বিপৰীতে চলিছে বুলিও তেওঁ কয়। তেও কয় যে,  ভাল সোৱাদযুক্ত আমৰ ডাল এটা কাটি কলম দি খলে ভাল আমৰ সঁচ পোৱা যাব বুলি কৰা ধাৰণাও ভ্রান্ত ধাৰণাহে। হাইব্রীড সঁচ এবছৰীয়া বুলি মন্তব্য কৰি জ্যেষ্ঠ সাংবাদিকগবাকীয়ে কয় যে হাইব্রীড সঁচৰ পৰা সদায় ভাল উৎপাদন পাব নোৱাৰি। মাতৃক পাহৰি গৈ বিশ্ব সম্পদত পৰিণত হোৱাৰ কথা যদি কোনো সন্তান বা পিতৃ-মাতৃয়ে ভাৱে সেয়া ভুল ভাৱিছে। 

4b4fd18a-41ae-4970-84c9-d7035122d82f

বিশিষ্ট সাংবাদিকগৰাকীয়ে মাতৃ আৰু শিপাক পাহৰি এনে চিন্তাৰে আগবাঢ়িলে নতুন প্রজন্মই টকা ঘটিব পাৰিলেও নিজৰ নিজৰ পৰিচয় হেৰুৱাই পেলাব বুলি কয়। আনহাতে মাতৃভাষাৰ উন্নয়নৰ যাত্রা কেৱল অসমীয়া ভাষাৰ যাত্রা নহয়, অসমৰ প্রতিটো জাতি-জনগোষ্ঠীৰ ভাষাক সম্মান জনাই আগবঢ়া যাত্রা বুলিও তেওঁ কয়।

আনহাতে সভাত কেইবাটাও উদাহৰণ দাঙি ধৰি অতি ৰসালভাৱে মাতৃভাষাৰ হকে বক্তব্য আগবঢ়ায় বিশিষ্ট সাহিত্যিক তথা 'প্রণামো মাতৃভাষা'ৰ সম্পাদক অভিজিত শর্মা বৰুৱাই । তেওঁ কেইবাটাও উদাহৰণেৰে মাতৃভাষাত অধ্যয়ন কৰিও জীৱনত কেনেদৰে সফলতা লাভ কৰিব পাৰি সেই বিষয়ে কয়। একেখন সভাতেই অভিনেতা, শিক্ষক অসীম কৃষ্ণ বৰুৱাই কয় যে মাতৃভাষা মাধ্যমত শিক্ষা গ্রহণ আৰু শিক্ষা প্রদান বিষয়টোক যুক্তিৰে প্রতিপন্ন কৰিব লাগিব। এইক্ষেত্রত শিক্ষক-শিক্ষয়িত্রীসকলে ল'ব পৰা গুৰুত্বপূর্ণ ভূমিকাব বিষয়েও তেওঁ আঙুলিয়াই দিয়ে।

সভাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ কার্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে 'প্রণামো মাতৃভাষা'ৰ উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে সদৰি কৰে। সভাত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়েও অংশগ্রহণ কৰে। ভাষণ প্রসংগত তেওঁ কয় যে,  সংসদত কেইবাখনো ৰাজ্যৰ সাংসদে হিন্দী-ইংৰাজী জানিলেও নিজৰ নিজৰ মাতৃভাষাত বক্তব্য দাঙি ধৰা তেওঁ দেখিছে আৰু সেয়ে তেৱো  অসমীয়াতে বক্তব্য দাঙি ধৰিছে। সেয়া একো বেয়া কথা নহয় বা লাজ কৰিবলগীয়া কথা নহয় বুলিও তেওঁ কয়।

6b67ef76-5054-44db-a5cb-8bc037ea9715

সভাখনত উপস্থিত ৰাইজৰ তৰফৰ পৰা প্রভাত বৈষ্ণৱ, আবু ইলিয়াছ, কৰুণাকান্ত ৰয়, অমৃত ভূষণ ফৌজদাৰ, ডাঃ গৌতম দাস, মাণিক চন্দ্র শর্মা, ৰঞ্জিত কুমাৰ শর্মা আদি ব্যক্তিসকলেও বক্তব্য আগবঢ়ায়। সভাৰ মাজতে জ্যোতিস্মিতা ৰায়ে  বৰগীত গাই শুনায়।

সভাপতিৰ ভাষণৰ পিচতে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব তথা 'প্রণামো মাতৃভাষা'ৰ আহ্বায়ক ডাঃ নাৰায়ণ শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অসম সংগীতেৰে সভাৰ সামৰণি হয়। 'শিশু শিক্ষা সমিতি, অসম' আৰু স্থানীয় বিভিন্ন সংগঠনেও সহযোগিতা আগবঢ়োৱা সভাখনত অসম জাতীয় বিদ্যালয়ৰ শিক্ষক উৎপল ডেকা, বঙাইগাঁও জিলাখনৰ জাতীয় বিদ্যালয়কে ধৰি আন চৰকাৰী-বেচৰকাৰী বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক, সমাজৰ বিশিষ্ট ব্যক্তি আৰু ছাত্র-ছাত্রী উপস্থিত থাকে।

অসম জাতীয় বিদ্যালয়