'প্রণৱজ্যোতি চেতিয়া সোঁৱৰণী কাব্য বঁটা'ৰ বাবে কাব্যগ্ৰন্থ আহ্বান

বিশিষ্ট বিজ্ঞানী, কবি তথা যোৰহাট বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়কৰ পদত কার্যনির্বাহ কৰা প্রণৱজ্যোতি চেতিয়াৰ সোঁৱৰণত যোৰহাট সাহিত্য মঞ্চই পৰিয়ালৰ সহযোগত প্রদান কৰিব 'প্রণৱজ্যোতি চেতিয়া সোঁৱৰণী কাব্যবঁটা'।

author-image
Asomiya Pratidin
New Update
511

ডিজিটেল সংবাদ, গুৱাহাটী : বিশিষ্ট বিজ্ঞানী, কবি তথা যোৰহাট বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়কৰ পদত কার্যনির্বাহ কৰা প্রণৱজ্যোতি চেতিয়াৰ সোঁৱৰণত যোৰহাট সাহিত্য মঞ্চই পৰিয়ালৰ সহযোগত প্রদান কৰিব 'প্রণৱজ্যোতি চেতিয়া সোঁৱৰণী কাব্যবঁটা'। এই বঁটাৰ বাবে অসমীয়া ভাষাত কাব্যচর্চা কৰি থকা  ৫০ বছৰ অনূর্ধ্ব ইচ্ছুক কবিসকলে ২০২০-২০২৫ চনৰ ভিতৰত প্রকাশিত তেওঁলোকৰ কাব্যগ্ৰন্থৰ দুটাকৈ কপি প্রেৰণ কৰিব লাগিব।

প্রেৰণ কৰা কাব্যগ্ৰন্থসমূহৰ পৰা নির্বাচিত কৰি এখন কাব্যগ্ৰন্থক এই বঁটা প্রদান কৰা হ'ব। বঁটাত থাকিব এটি স্মাৰক, এখন সম্বর্ধনা পত্র, এখনি ফুলাম গামোচা, কিতাপৰ টোপোলা আৰু  নগদ ১০ হাজাৰ টকা ।

ইচ্ছুক কবিসকলে নিজৰ প্রকাশিত কাব্যগ্ৰন্থৰ দুটাকৈ কপি ১৫ জানুৱাৰীৰ ভিতৰত দেৱজানী ধনদিয়া, মাৰফৎ যোৰহাট প্রধান ডাকঘৰ, হেডমাষ্টৰ জেহিৰুদ্দিন আহমেদ পথ, যোৰহাট -১ অথবা অভিনৱ বৰা, সঞ্চালকালয়, অসম পশুপালন আৰু চিকিৎসা বিভাগ, (কামৰূপ একাডেমিৰ সমীপত) চেনিকুঠী, গুৱাহাটী-০৩ ঠিকনাত প্রেৰণ কৰিব পাৰিব। অহা ২৫ জানুৱাৰীত যোৰহাট বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহত এই বঁটা প্রদান কৰা হ'ব । সবিশেষ জানিবৰ বাবে  8761863142 নম্বৰত যোগাযোগ কৰিব পাৰিব।  

কাব্যগ্ৰন্থ