/asomiyapratidin/media/media_files/2025/10/03/cxcxcxcxcxcxcxccx-2025-10-03-17-14-23.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ বিশিষ্ট ৰাজনীতিবিদ তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ সহধৰ্মিনী মোহিনী গগৈয়ে শুকুৰবাবে দুপৰীয়া চুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৮০ বছৰ ৷
প্ৰয়াত মোহিনী গগৈ এগৰাকী আদৰ্শৱান মহিলা আছিল৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই শিৱসাগৰত শোকৰ ছাঁ পৰে৷ ইহসংসাৰত তেওঁ তিনিজন পুত্ৰ, বোৱাৰী, নাতি নাতিনীক এৰি থৈ যায় ৷ তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/03/whatsapp-image-2025-10-03-17-14-42.jpeg)
ইফালে শুকুৰবাৰে বিয়লি চিকিৎসালয়ৰ পৰা তেওঁৰ নশ্বৰদেহ শিৱসাগৰ চহৰৰ ৰেডক্ৰছ ৰোগৰ বাসগৃহলৈ অনাৰ পিছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰা হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us