/asomiyapratidin/media/media_files/2025/09/17/pramod-boro-17-2025-09-17-19-18-56.jpg)
ডিজিটেল সংবাদ বাক্সাঃ বুধবাৰে বাক্সা জিলাৰ ২৩নং দিহিৰা পৰিষদীয় সমষ্টিৰ নাৰায়ণপুৰত দলীয় সভাত অংশ গ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয় যে নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ সময়ত একাংশই এতিয়া তেওঁৰ বিৰুদ্ধে চক্ৰান্তত নামি পৰিছে। প্ৰমোদ বড়ো বেয়া মানুহ নহয় বুলি কৈ ইউপিপিএলৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে ৰাজনৈতিক লাভালাভৰ আশাংকত একাংশই তেওঁৰ বিৰুদ্ধে অনা অভিযোগবোৰ মিছা আৰু বড়োভূমিৰ ৰাইজেও সেই সকলো বুজি পায়।
এতিয়া বড়োভূমিৰ ৰাইজ আগৰ দৰে হৈ থকা নাই, শিক্ষিত আৰু শান্তিপ্ৰিয় বড়োভূমিৰ সকলো সম্প্ৰদায়ে তেওঁক তথা ইউপিপিএল দলটোক বিটিআৰ নিৰ্বাচনত ভোট দি জয়যুক্ত কৰিব বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰে। বুধবাৰৰ দিনটোত ইউপিপিএলৰ প্ৰচাৰ বাক্সা জিলাৰ লগেত অন্যান্য এলেকাত অনুষ্ঠিত হয়।
দলীয় প্ৰচাৰ সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ইউপিপিএল প্ৰধান প্ৰমোদ বড়োৱে দাবী কৰি কয় যে বড়োভূমিৰ ৪০ টা পৰিষদীয় সমষ্টিতে বিশ সহস্ৰাধিক ইউপিপিএলৰ নিজা সমৰ্থক আছে। গতিকে ২৬ ছেপ্তেম্বৰৰ নিৰ্বাচনী ফলাফলত ইউপিপিএল দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি নিৰ্বাচনত জয়ী হ’ব।
বড়োভূমিৰ ২৬ টা জনগোষ্ঠীৰ শান্তি আৰু সম্প্ৰীতিৰ বাবে কাম কৰি অহা ইউপিপিএল দলে অতি কম সময়ৰ ভিতৰতে বড়োভূমিত বসবাস কৰা বড়ো-অবড়ো সকলোৰে উন্নয়নৰ বাবে কাম কৰিছে। ভাষিক আৰু সাংস্কৃতিক দিশত কাম কৰি ইউপিপিএলে বড়োভূমিত স্থায়ী শান্তি অনাৰ লগতে সকলো জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ হকে কাম কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সকলোৰে সৈতে সকলোৰে বিকাশৰ নীতিত বিশ্বাস ৰাখি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে আগন্তুক দিনবোৰতো কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। হাগ্ৰাম মহিলাৰীৰ ৩ অক্টোবৰৰ শপত গ্ৰহণ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয় যে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলটোৰ কোনো নিৰ্বাচনী এজেণ্ডা নাই বাবেই সপোন দেখি ফুৰিছে।
বিপিএফ দলটো এই সপোনতে জীয়াই থকাটো ভাল বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে লগতে কয় যে এইবাৰৰ বিটিআৰ নিৰ্বাচনৰ পাছত হাগ্ৰামা মহিলাৰী ৰাজনৈতিক দিশত সম্পূৰ্ণভাৱে সংগীহীন হৈ পৰিব। কেতবোৰ কৌতুকধৰ্মী কথাৰে নিৰ্বাচনী প্ৰচাৰ চলাই থকা হাগ্ৰামা মহিলাৰীৰ বড়োভূমিক লৈ নিজা কোনো পৰিকল্পনা নাই।
ইউপিপিএলৰ প্ৰচাৰত সুৰ মিলাইহে হাগ্ৰামা বা অন্যই মাটিৰ অধিকাৰৰ কথা আওৰাই ফুৰিছে বুলি প্ৰমোদ বড়োৱে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে ২২ ছেপ্তেম্বৰৰ বিটিআৰ নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথো দুটামান দিন বাকী থকা অৱস্থাত এতিয়া বড়োভূমিৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ হৈ পৰা দেখা গৈছে।