জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি কাজলগাঁৱত প্ৰমোদ বড়োৰ সংবাদ মেল

আগন্তুক ২২ চেপ্তেম্বৰত অনুষ্ঠিত হবলগা বিটিচি নিৰ্বাচনৰ ভোটদান পৰ্ব অনুষ্ঠিত হব। উক্ত ভোটদান পৰ্বত যাতে প্ৰতিগৰাকী ভোটাৰে ঘৰৰ পৰা ওলাই আহি নিজৰ মূল্যবান ভোট প্ৰদান কৰে আৰু এখন শান্তিৰ বিটিআৰ গঢ়িবলৈ সহায় সহযোগ কৰে তাৰ বাবে আহ্বান জনায়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কাজলগাঁওঃ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ খবৰে ম্লান পৰি পেলাইছে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলে সৰ্বকালৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক সন্মান জনাই বাতিল কৰিবলৈ ধৰে এটাৰ পিচত এটা নিৰ্বাচনী প্ৰচাৰৰ কাৰ্য্যসূচী।

আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনতো সম্পূৰ্ণ সামৰণি পৰা পৰিলক্ষিত হয় । বিটিচি নিৰ্বাচনৰ প্ৰচাৰ শেষ হোৱাৰ অন্তিম মুহূৰ্তত আজি কাজলগাঁওস্থিত ইউপিপিএল দলীয় কাৰ্যালয়ত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই এক সংবাদ মেল সম্বোধন কৰে।

 সংবাদ মেলৰ আৰম্ভণিতেই প্ৰমোদ বড়োই কালিৰ দিনটোত সমগ্ৰ অসম তথা দেশবাসীক কন্দোৱাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় মাগি স্বৰ্গগামী হোৱা জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি বিনম্ৰ শ্ৰদ্ধা জ্ঞাপন কৰি গাম্ভীৰ্যপূৰ্ণ সংবাদ মেল সম্বোধন কৰে।

প্ৰমোদ বড়োই কয় যে, আজিৰ দিনটোত সমগ্ৰ বিটিআৰ তথা অসমবাসী জুবিন গাৰ্গৰ শোকত ম্ৰিয়মান হৈ আছে আৰু এই সময়ত ৰাজনৈতিক ভাষন দিয়াৰ ইচ্ছা নাই। তথাপিও আজি কেৱল বিগত সময়ছোৱাত আমাৰ নিৰ্বাচনী প্ৰচাৰ সভাত আমাৰ যিসকল সমৰ্থক, দলীয় কৰ্মী, নেতা আৰু শুভাকাংক্ষী সকলে সহযোগ আগবঢ়ালে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো।

আগন্তুক ২২ চেপ্তেম্বৰত অনুষ্ঠিত হবলগা বিটিচি নিৰ্বাচনৰ ভোটদান পৰ্ব অনুষ্ঠিত হব। উক্ত ভোটদান পৰ্বত যাতে প্ৰতিগৰাকী ভোটাৰে ঘৰৰ পৰা ওলাই আহি নিজৰ মূল্যবান ভোট প্ৰদান কৰে আৰু এখন শান্তিৰ বিটিআৰ গঢ়িবলৈ সহায় সহযোগ কৰে তাৰ বাবে আহ্বান জনায়।

এটা সুস্থ গণতন্ত্ৰৰ ব্যৱস্থা বজাই ৰাখিবলৈ এই ভোটদান পৰ্ব যাতে সম্পূৰ্ণ শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হয় তাৰ বাবে যাৱতীয় ব্যবস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাই প্ৰমোদ বড়োৱে ।

প্ৰমোদ বড়ো