বিশ্বজিৎ দৈমাৰী আহিলে আকৌ লেতেৰা হ'ব বিটিচিঃ প্ৰমোদ বড়ো

ইউপিপিএল দলে নি:সন্দেহে একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ গঠন কৰিব চৰকাৰ। আমাৰ কোনো প্ৰতিদ্বন্দী নাইঃ প্ৰমোদ বড়ো

author-image
Asomiya Pratidin
New Update
FDFDFDFDFDF

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ইউপিপিএল দলে নি:সন্দেহে একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ গঠন কৰিব চৰকাৰ। আমাৰ কোনো প্ৰতিদ্বন্দী নাই।- এই মন্তব্য কৰিছে ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ তাৰংগুৰী খেলপথাৰত অনুষ্ঠিত হোৱা ইউপিপিএল দলৰ এক কৰ্মীসভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত কৰিছে এই মন্তব্য়।

প্ৰমোদ বড়োৱে উল্লেখ কৰে যে,  বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টিৰ প্ৰতিটো সমষ্টিতে ইউপিপিএলৰ ৭০০০ -৮০০০ পৰিয়াল আছে। ৭ হাজাৰ পৰিয়ালৰ কমেও ২১ হাজাৰ ভোট ইউপিপিএলৰ নিজা ভোট। ইউপিপিএলে নিজা নীতি, নিজা পলিচি ব্যৱহাৰ কৰি নিৰ্বাচনত অবতীৰ্ণ হৈছে। ২৬ টা জনগোষ্ঠীৰ ৩৫ লাখ জনতাক আস্থা আৰু বিশ্বাসত ৰাখি ইউপিপিএল দল আগবাঢ়িছে। শান্তি আৰু সমন্বয়ৰ বিটিআৰ গঢ়িছে। এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ ইউপিপিএল দলে যৎপৰোনাস্তি প্ৰচেষ্ঠা চলাব। 

WhatsApp Image 2025-09-11 at 7.04.07 PM

ইফালে, ইউপিপিএলক ভোটাৰে কিয় ভোট দিব বুলি সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কয় যে, ইউপিপিএলক ভোট নিদিয়াৰ কোনো কাৰণ নাই, কিয়নো যোৱা ৫ বছৰে সকলোতকৈ ভাল পৰিৱেশ বৰ্তি আছে। কোনো এগৰাকী ব্যক্তি বা পৰিয়ালে অশান্তি নিবিচাৰে আৰু হিংসাত্মক পৰিৱেশত থাকিব নিবিচাৰে বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰি কয় যে হাগ্ৰামা মহিলাৰীয়ে ১০ বছৰ কংগ্ৰেছৰ লগত আৰু পাঁচ বছৰ বিজেপিৰ লগত থাকি চৰকাৰ চলাল। যাৰেই লগত থাকি চৰকাৰ নচলাওঁক কিয় হাগ্ৰামা মহিলাৰীৰ শাসনৰ কালছোৱা আছিল হত্যা-হিংসা, মদ-ভাং-জুৱাৰ পৰিৱেশ। এতিয়া সেই দিন নাই নাই। চাৰিওফালে শান্তি বিৰাজ কৰাৰ লগতে উন্নয়নো দ্ৰুতগতিত হৈছে। 

যোৱা ৫ বছৰত ১৮০০ কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হৈছে , ১৮০০ স্কুল মেৰামতি হৈছে, ৩ লাখ ২৩ হাজাৰ মাটিবাৰীৰ সমস্যাৰ সমাধান হৈছে । অঞ্চলটোত আমি শান্তি প্ৰতিষ্ঠা কৰিছো । সমন্বয় ঘূৰাই আনিছো । গতিকে ইউপিপিএল পৰিয়ালৰ বাহিৰেও আন ভোটাৰ ৰাইজেও ইউপিপিএল প্ৰাৰ্থীকে ভোট দিব আৰু ইউপিপিএল একক সংখ্যাগৰিষ্ঠতাৰে নিশ্চিতভাৱে চৰকাৰ গঠন কৰিব বুলিও উল্লেখ কৰে প্ৰমোদ বড়োৱে।

আনহাতে, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিখন লেতেৰা হৈছে বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তোৰত প্ৰমোদ বড়োৱে সাংবাদিকৰ এক প্ৰশ্নত্তোৰত কয় যে, বিপিএফৰ লগত থাকি বিটিচি লেতেৰা কৰি থৈ গৈছিল বিশ্বজিৎ দৈমাৰীয়ে। যোৱা পাঁচ বছৰে আমি সাৰি -মচি চাফা কৰিলো। তেওঁ বিটিচি লৈ আহিলে পুনৰাই লেতেৰা হ'ব । 

একেদৰে হাজাৰ কোটি দিলেও বিটিচিৰ সমস্যাৰ সমাধান হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে কৰা এক মন্তব্যৰ আঁত ধৰি সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কয় যে নিজৰ নিজৰ ৰাজনৈতিক পথ মৃসণ ৰাখিবলৈ বহুতেই বহু কথা কব পাৰে কিন্তু বিটিচিৱাসীয়ে জানে প্ৰকৃততে বিটিচিত কি হৈছে। বিটিচিৰ বাহিৰৰ লোকে সেয়া উপলদ্ধি কৰিব নোৱাৰিব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় বিপিএফৰ ১৭ বছৰীয়া কাৰ্যকালত ৫৯ হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ নিৰ্মাণ হৈছিল আৰু ইউপিপিএলৰ পাঁচবছৰীয়া কাৰ্যকালত তিনিলাখ ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছে । ৪০ টা সমষ্টিত ৫২০টা অডিটৰিয়াম নিৰ্মান কৰা হৈছে । ৰাজনৈতিক সদিচ্ছা থাকিলে আৰু নেৰ্তৃত্বৰ দূৰদৰ্শিতা থাকিলে বহু কাম কৰিব পাৰি বুলি উল্লেখ কৰিছে প্ৰমোদ বড়োৱে ।

উল্লেখ্য যে, আজি তাৰংগুৰীত ১২ নং ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ হৈ দলীয় কৰ্মী সভাত  বুথ কমিটি, প্ৰাইমেৰী কমিটি আৰু ব্লক কমিটিৰ নেৰ্তৃবৰ্গক কিছু উপদেশ দিয়ে। ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীক কাৰ্যবাহী সদস্যৰ পদ দিয়া হ'ব বুলি কৰ্মী সভাত প্ৰমোদ বড়োৱে ঘোষণা কৰে।

আজিৰ কৰ্মী সভাত ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে কয় যে ছালাকাটিত ৭০ টা  বুথ কমিটি আছে আৰু আজি উক্ত বুথ কমিটিৰ সতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে পৰ্যালোচনা বৈঠক কৰে। ছালাকাটি সমষ্টিত কমেও ২৫ হাজাৰ ইউপিপিএলৰ সদস্য আছে আৰু এই সদস্যৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আছে বুলি মন্তব্য কৰি ছালাকাটি সমষ্টিত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে। তদুপৰি ছালাকাটি সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকী ৰাইজৰ অপচন্দ হোৱা বাবে দুইকোণীয়া প্ৰতিদ্বন্দিতা হ'ব যদিও তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে।   

প্ৰমোদ বড়ো ইউপিপিএল