ইউপিপিএলে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰি বিটিচিত চৰকাৰ গঠন কৰিবঃ প্ৰমোদ বড়ো

চাপাগুৰীস্থিত হোটেল ছিগনেটত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে মুখামুখি হোৱাৰ পিছত বিটিচি নিৰ্বাচনৰ ফলাফলক লৈ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিৰাংঃ  বহুচৰ্চিত বিটিচি নিৰ্বাচনৰ ভোট গণণাৰ দিন । যোৱা ২২ চেপ্তেম্বৰৰ দিনাৰ পৰা বেলেট বাকচত ভাগ্য বন্দী হৈ থকা প্ৰাৰ্থী সকলৰ ভাগ্য নিৰ্ধাৰণ হব। বিটিচি নিৰ্বাচনৰ ফলাফলক লৈ বিভিন্ন ৰাজনৈতিক দলৰ ফালৰ ভিন্ন ধৰণে প্ৰতিক্ৰিয়া কৰিছে।

আজি চিৰাং জিলাৰ চাপাগুৰীস্থিত হোটেল ছিগনেটত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে মুখামুখি হোৱাৰ পিছত বিটিচি নিৰ্বাচনৰ ফলাফলক লৈ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া কৰে। এইবেলি বিটিচি নিৰ্বাচনত ৰাইজে যিদৰে সহাঁৰি আগবঢ়াইছে সেয়া দেখি একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজেই ৰজা আৰু ৰাইজেই নিজৰ ইচ্ছামতে ভোটদান কৰিছে, সেয়া বৰ্তমান বেলেট বাকচৰ ভিতৰত বন্দী হৈ আছে। কাইলৈ যিহেতু ভোট গণণা হব তাতেই ৰিজাল্ট ওলাই আহি যাব বুলি প্ৰমোদ বড়োই মন্তব্য কৰে। আনহাতে সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰতিটো ৰাজনৈতিক দল তথা নিজৰ দলৰ লগতে অন্যান্য দলৰ প্ৰাৰ্থী সকলক আগতীয়াকৈ কাইলৈৰ দিনটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে প্ৰমোদ বড়োই।

বিটিচি নিৰ্বাচনৰ ওপৰত আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশানুৰূপ ফলাফল বিজেপি দলে লাভ নকৰিব বুলি কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  প্ৰমোদ বড়োই কয় যে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ চলিব থকাৰ সময়ত আমাৰ সকলোৰে মৰমৰ তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ খবৰ অহাৰ পিছতেই সমগ্ৰ অসমৰ লগতে বিটিআৰতো শোঁকৰ ছাঁ নামি পৰে।

বিজেপিৰ যিদৰে নিৰ্বাচনৰ প্ৰচাৰৰ কাম স্থবিৰ হৈ পৰে তদ্ৰুপ আমাৰ ইউপিপিএল দলেই প্ৰচাৰৰ সকলো কাৰ্য্যসূচী বাতিল কৰি দিও। মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ দলৰ স্থিতি লৈ পৰ্য্যালোচনা কৰাৰ পিছত নিশ্চয় এই মন্তব্য দিছে।

বিপিএফ আৰু ইউপিপিএল দলে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োই কয় যে এই সন্দৰ্ভত দলৰ মজিয়াত কোনোধৰনৰ আলোচনা হোৱা নাই আৰু এই বিষয় মন্তব্য নকৰো বুলি কয়।

 যোৱা ২০২০ ৰ নিৰ্বাচনৰ পিছত হোটেল লিলি ৰ ৰাজনীতিৰ আশংকা কৰি এইবেলি হাগ্ৰামা মহিলাৰীয়ে আগতীয়াকৈ তেখেতৰ বিপিএফ দলৰ প্ৰাৰ্থী সকলক ভূটানৰ ৰাজধানী থিম্ফুত লৈ ৰাখিছে বুলি এটা চৰ্চা চলি আছে এই সন্দৰ্ভত প্ৰমোদ বড়োই কিছু প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

 ইপিনে প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা এইবেলি ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মই কয় যে কাইলৈ বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা হব আৰু এইবেলি প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত চৰকাৰ গঠন কৰিবলৈ গৈ আছে বুলি মন্তব্য কৰে।

প্ৰমোদ বড়ো