ক্ষমতাত নাথাকিলে জ্বৰ উঠে হাগ্ৰামাৰঃ প্ৰমোদ বড়ো

"আগন্তুক নিৰ্বাচনক লৈ শংকিত হৈছে হাগ্ৰামা। নিৰ্বাচনটোক তেখেতে মৰণপন যুঁজ বুলি ভাবিছে। ক্ষমতাত নাথাকিলে তেখেতৰ জ্বৰ উঠে। ক্ষমতা থাকি পকেট গৰম হৈ থাকিলে ভালে থাকে।"

author-image
Asomiya Pratidin
New Update
dwew

ডিজিটেল সংবাদ, ওদালগুৰিঃ "আগন্তুক নিৰ্বাচনক লৈ শংকিত হৈছে হাগ্ৰামা। নিৰ্বাচনটোক তেখেতে মৰণপন যুঁজ বুলি ভাবিছে। ক্ষমতাত নাথাকিলে তেখেতৰ জ্বৰ উঠে। ক্ষমতা থাকি পকেট গৰম হৈ থাকিলে ভালে থাকে।" আজি ওদালগুৰিত এই মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

Advertisment

আগন্তুক বিটিচি নিৰ্বাচনলৈ প্ৰায় এমাহ বাকী থকাৰ সময়তে বিটিআৰ অঞ্চলত চলিছে আধাৰশিলা, আঁচনি উদ্বোধনৰ চমক। বৃহস্পতিবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে দিনজোৰা কাৰ্যসূচীৰে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে। ইয়াৰ ভিতৰত বড়োৱে শিক্ষকৰ বাবে পুথিভঁৰাল তথা সভাগৃহ, ওদালগুৰি সাহিত্য সভা ভৱনৰ মেৰামতি, গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ প্ৰতিমূৰ্তি, বাথৌ সভাৰ আন্তগাঠনি উন্নয়ণ, আদিৱাসী ছাত্ৰাৱাস, বড়োলেণ্ড আন্দোলনৰ মাইলষ্টোন, ৰৌতা বড়ো বজাৰৰ মুকলি সাংস্কৃতিক মঞ্চ, ধনশ্ৰীঘাটৰ চিলাৰায় ভৱন, মাজবাটৰ বড়োলেণ্ড শ্বহীদ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে। 

একেদৰে প্ৰমোদ বড়োৱে হৰিশিঙাৰ ২ নং পট্টিৰ লক্ষ্মী নদীৰ দলং, ওদালগুৰি চহৰৰ মাজমজিয়াত এটি বিবাহ ভৱন, ওদালগুৰি পৌৰসভাৰ বহুমুখী ব্যৱসায়িক কেন্দ্ৰ, গেলাবিলত শ্বহীদ সুজিৎ নাৰ্জাৰী সোঁৱৰণি প্ৰেক্ষাগৃহ, ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা ডিগ্ৰী মহাবিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা উদ্বোধন কৰে। ইয়াৰ সমান্তৰালভাৱে তেওঁ ঔদালগুৰি চহৰৰ জেষ্ঠ্য নাগৰিকৰ সৈতেও এক আলোচনাত মিলিত হয়। 

ইয়াৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি প্ৰমোদ বড়োৱে উল্লেখ কৰে যে, "ওদালগুৰিৰ বিভিন্ন সমস্যা সন্দৰ্ভতআলোচনা হ'ল। ইয়াৰ মূল সমস্যা হৈছে ভূমি সমস্যা। বহু বড়ো লোক অসমীয়া লোকে ইয়াত ভূমিৰ পট্টা লাভ কৰা নাই। বিষয়টো সন্দৰ্ভত বিগত এবছৰৰ পৰাই আমি কাম কৰি আহিছো আৰু লাহে লাহে বিটিআৰৰ মাটিৰ সমস্যা সমাধান কৰি আহিছো। আমাৰ চৰকাৰ অহাৰ পূৰ্বে ইয়ালৈ বহুত মন্ত্ৰী-বিধায়ক আহিছিল যদিও ইয়াৰ কামসমূহ কৰা নাই। কিয় কৰা নাই আমি নাজানো। ইচ্ছা কৰিয়েই কৰা নাই নে জটিলতাৰ বাবে ভয় কৰিছে সেয়া নাজানো। ইয়াৰ পাছত আমি বৈসুমথী আচনিৰ জৰিয়তে বহু মাটিৰ সমস্যা সমাধান কৰিলো। ওদালগুৰি চহৰৰ মাটিৰ সমস্যাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছো আৰু অনাগত দিনত এই সমস্যা সমাধানৰ বাবে কাম কৰিম। ইয়াৰ খিলঞ্জীয়া লোকসকলে যাতে জীৱন নিৰ্বাহৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। তাৰ বাবে ৰাজহ বিভাগে তথ্যসমূহ উলিয়াইছে আৰু তাক আমি সমাধান কৰিব পাৰিম।"

আনহাতে, "কম দিনৰ ভিতৰতে ওদালগুৰি চহৰৰ মাজমজিয়াৰ ৰেলৱে অভাৰব্ৰীজৰ আধাৰশিলা স্থাপন হব। অহা তিনিবছৰৰ ভিতৰত ওদালগুৰিখন এক উন্নত চহৰলৈ ৰূপান্তৰ হব। ইফালে আগন্তুক নিৰ্বাচনৰ টিকট সন্দৰ্ভত মন্তব্য কৰি বড়োৱে দুই এদিন বা কিছুঘণ্টাৰ ভিতৰতে টিকটৰ খবৰ আহিব" বুলি উল্লেখ কৰে।

ইফালে, হাগ্ৰামা মহিলাৰী সন্দৰ্ভত মন্তব্য কৰি বড়োৱে কয়, "তেখেতে মোক নিৰ্বাচনত অন্তিম স্থানত থাকিম বুলি উল্লেখ কৰি আছে। পৃথিৱীত অন্তিম একো নাই। যাক অন্তিম বুলি ভবা হয়, ওলোটাকৈ ঘুৰিলে সেয়াই প্ৰথম হৈ পৰে। তেতিয়া হাগ্ৰামা অন্তিম হব ম‌ই প্ৰথম হৈ যাম। অংক নাজানা মানুহে যি তি কৈ থাকে, অংক জানিব লাগিব। যোৱা প্ৰতিটো নিৰ্বাচনতে হাগ্ৰামাৰ নম্বৰ কমি আহিছে। ওদালগুৰিৰ দহটা আসনৰ এখনটো জয়লাভ কৰিব নোৱাৰে বিপিএফে। আগন্তুক নিৰ্বাচনক লৈ শংকিত হৈছে হাগ্ৰামা। টিকটৰ বাবে প্ৰথমে দুই লাখ আৰু এতিয়া ছয়লাখ টকাকৈ উঠাইছে। আগতিয়াকৈ হেলিকপ্টাৰ আনিছে" বুলিও হাগ্ৰামাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে প্ৰমোদ বড়োৱে। 

হাগ্ৰামা মহিলাৰী