Advertisment

ভিক্ষা খোজাতো ৰাইজৰ অভ্যাসত পৰিণত হৈছেঃ মন্ত্ৰী প্ৰহ্লাদ সিং পেটেল

বিজেপিৰ মন্ত্ৰী প্ৰহ্লাদ পেটেলৰ এই বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী কংগ্ৰেছে। মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি জিতু পাটোৱাৰীয়ে মন্ত্ৰীগৰাকীক সমালোচনা কৰি কয় যে, তেওঁৰ এই মন্তব্য ৰাজ্যবাসীৰ অপমান।

author-image
Asomiya Pratidin
New Update
cb

ডিডিটেল ডেস্কঃ   মধ্যপ্ৰদেশ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী প্ৰহ্লাদ পেটেলৰ এক বক্তব্যই ৰাজনৈতিক আলোড়নৰ সৃষ্টি কৰিছে। দৰাচলতে শনিবাৰে মন্ত্ৰী প্ৰহ্লাদ পেটেলে ৰাজগড় জিলাৰ মুথলীয়াত অৱতীবৈ লোধিৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত শুভেচ্ছা জ্ঞাপন কৰি মন্ত্ৰী পেটেলে জনসাধাৰণৰ দাবীক ‘ভিক্ষা’ বুলি অভিহিত কৰে।

Advertisment

তেওঁ কয়, "আজিকালি চৰকাৰৰ পৰা ভিক্ষা খোজাটো ৰাইজে অভ্যাসত পৰিণত কৰিছে। নেতা অহা লগে লগে ৰাইজে দাবী সম্বলিত টোপোলা সমূহ তেওঁলোকলৈ আগবঢ়াই দিয়ে। এনেদৰে ভিক্ষা বিচৰাটো ভাল অভ্যাস নহয়। লোৱাৰ পৰিৱৰ্তে দিয়াৰ মানসিকতা গঢ়ি তোলক। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, আপুনি সুখী হ'ব আৰু এখন সংস্কৃতিবান সমাজ গঢ়ি তুলিব। ভিক্ষাৰীক উৎসাহিত কৰাটো সমাজখনক শক্তিশালী কৰা নহয়, দুৰ্বল কৰাহে বুজায়।"

প্ৰহ্লাদ পেটেলৰ এই বক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী কংগ্ৰেছে। মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি জিতু পাটোৱাৰীয়ে মন্ত্ৰীগৰাকীক সমালোচনা কৰি কয় যে, তেওঁৰ এই মন্তব্য ৰাজ্যবাসীৰ অপমান। বিজেপিৰ অহংকাৰে এনে এটা স্তৰ পাইছেগৈ যে এতিয়া তেওঁলোকে জনসাধাৰণক ভিক্ষাৰী বুলি ক'বলৈ আৰম্ভ কৰিছে।

লগতে তেওঁ ক্ষোভ উজাৰি কয় যে,পেটেলৰ এই মন্তব্য অসুবিধাৰ সন্মুখীন হোৱা ৰাইজৰ আশা আৰু চকুলোৰ অপমান। নিৰ্বাচনৰ পূৰ্বে মিছা প্ৰতিশ্ৰুতি দিয়ে আৰু তাৰ পিছত সেইবোৰ পূৰণ কৰিবলৈ অস্বীকাৰ কৰে। যেতিয়া জনসাধাৰণে সোঁৱৰাই দিয়ে, তেতিয়া তেওঁলোকে নিৰ্লজ্জভাৱে ভিক্ষাৰী বুলি কয়! এইবাৰ ৰাইজে মনত ৰখা উচিত, অতি শীঘ্ৰে এই একেগৰাকী বিজেপি নেতাই ভোট বিচাৰিব।

প্ৰহ্লাদ পেটেল