কামদেৱালৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গুণ দত্তৰ "প্ৰজ্ঞা প্ৰয়াসী" উন্মোচন

কামদেৱালৰ বিশিষ্ট সমাজসেৱীকা, আদৰ্শ মাতৃ তথা সুলেখিকা গুণ দত্তৰ তৃতীয়খন গ্ৰন্থ দেওবাৰে এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-02 at 10.42.05 AM

ডিজিটেল সংবাদ, গহপুৰ: বয়সৰ লেখেৰে প্ৰায় ৭৮ বছৰ। তেওঁৰ বাবে জীৱনৰ অপৰাহ্ন সময় এয়া। এগৰাকী সফল শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত শব্দৰ মালা গাঁঠি অৱসৰী জীৱনটোক ব্যতিক্ৰমী ধৰণে উদযাপন কৰিব বিচৰা কামদেৱালৰ বিশিষ্ট সমাজসেৱীকা, আদৰ্শ মাতৃ তথা সুলেখিকা গুণ দত্তৰ তৃতীয়খন গ্ৰন্থ দেওবাৰে এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

সেই উপলক্ষে কামদেৱালৰ কামদেৱ ভৱনত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ মহী বৰকাকাতীয়ে। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক তথা লাইভ চেভেন চিষ্টাৰ্ছৰ মুখ্য সম্পাদক ভুৱন শইকীয়াই কয় যে- প্ৰজ্ঞাৰ সাধনা কৰি বৌদ্ধিক আন্দোলনৰ মাজেৰে অৱসৰী জীৱনটোক ব্যতিক্ৰমী ধৰণে সজাই তোলা গুণ দত্তৰ এই প্ৰয়াস নিতান্তই আদৰণীয়। চিকিৎসাজনিত দিশবোৰক প্ৰত্যাহ্বান জনাই সাহিত্য চৰ্চাৰ মাজেৰে অঞ্চলটোত এক বৌদ্ধিক বাতাবৰণ গঢ়ি তোলা গুণ দত্তৰ মানসিক দৃঢ়তাক শলাগ লয় সাংবাদিক ভূৱন শইকীয়াই।

ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰী মৌমিতা ৰাজখোৱাই আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত গুণ দত্তৰ এই সৃষ্টিশীল কৰ্মৰ প্ৰতি সাহস আৰু অনুপ্ৰেৰণা যোগাই অহা তেওঁৰ জ্যেষ্ঠ কন্যা ডঃ অপৰাজিতা দত্তই কয় যে- তেওঁৰ মাতৃয়ে যাতে জীৱনৰ বিয়লি বেলালৈকে আৰু অধিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াব পাৰে তাৰ বাবে তেওঁলোকে তেওঁক সাহস আৰু প্ৰেৰণা যোগাই যাব।

উল্লেখযোগ্য যে, "প্ৰজ্ঞা প্ৰয়াসী" হৈছে গুণ দত্তৰ তৃতীয়খন গ্ৰন্থ। ইয়াৰ পূৰ্বে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ "মন্থন" আৰু গল্প সংকলন "ৰংতলিৰ কথকতা" প্ৰকাশ পাইছিল। অনামিকা দত্ত নেওগৰ দ্বাৰা পৰিৱেশিত এটি বৰগীতেৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখনত নিত্যা দত্তই আদৰণি ভাষণ প্ৰদান কৰে।

গ্ৰন্থ উন্মোচনী সভাখনত ছয়দুৱাৰ শিক্ষা খণ্ডৰ খণ্ড সমন্বয়ক জগন্নাথ বৰুৱা, অসমীয়া প্ৰতিদিনৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞা, গহপুৰ মহকুমা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বিপ্লৱ নেওগ, হেলেমৰ পঞ্চৰত্ন প্ৰকাশনৰ প্ৰকাশক ত্ৰিনয়ণ বৰা, অমৰ জ্যোতি ফুকন, জনাৰ্দন বৰুৱা, বীনা বৰা,বলিন পূজাৰী, মিনতি পূজাৰী,পুতলী দত্ত বৰুৱা, ড° অজিত হাজৰিকা, ড° লাবন্য হাজৰিকা,দিলিপ শইকীয়া, পূৰ্ণ দত্ত,বুবুল দত্ত,সঞ্জীৱ ভূঞা, সুৰেণ পূজাৰী,ৰামচন্দ্ৰ বৰা,মাধৱ শইকীয়া, পুলক বৰা,মহেন্দ্ৰ দত্ত,ৰাজেন দত্ত আদি উপস্থিত থাকে।

লেখিকা গুণ দত্তৰ পৰিয়ালৰ হৈ ড° অপৰাজিতা দত্ত, কুশল চহৰীয়া, অভিজ্ঞান চহৰীয়া, অনামিকা দত্ত নেওগ, দিব্যজ্যোতি নেওগ, গাৰ্গী নেওগ, অসীম নেওগ, দেৱজিৎ দত্ত, স্মৃতিৰেখা দত্ত শইকীয়া, আয়ুস্মান দত্ত, নৱজ্যোতি নেওগ, প্ৰাঞ্জল বৰুৱাই সভাস্থলীৰ সকলোকে আদৰণি জনায়। হেলেমৰ পঞ্চৰত্ন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ‘প্ৰজ্ঞা প্ৰয়াসী’ৰ পৃষ্ঠপোষক হৈছে দেৱজিৎ দত্ত। কণমানি আয়ুস্মান দত্তই অংকন কৰিছে প্ৰজ্ঞা প্ৰয়াসীৰ প্ৰচ্ছদ।

গহপুৰ