ডিজিটেল সংবাদ, গুৱাহাটী: প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আজি অন্তিম দিনা প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ প্ৰদান কৰা হয় ৷ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা সাহিত্য উৎসৱৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে ৷ বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰীয়ে মুখ্য অতিথিৰ আসন অলংকৃত কৰা এই অনুষ্ঠানত প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা-২০২৪ গ্ৰহণ কৰে নেপালী ভাষাৰ বৰ্ষীয়ান সাহিত্যিক বিদ্যাপতি দাহালে ৷
সংস্কৃত পণ্ডিৎ, ব্যাকৰণ-বেদান্ত-সাহিত্য শাস্ত্ৰী দাহালে নেপালী ভাষাৰ লগতে ৰাষ্ট্ৰভাষা হিন্দীতো মননশীল সাহিত্য সৃষ্টি কৰি সুনাম অৰ্জন কৰিছে ৷ ভাষা-ব্যাকৰণৰ পাণ্ডিত্যৰে উজলি উঠা দাহালে সাহিত্যৰ মাজেৰে লোক-জীৱনকো প্ৰতিফলিত কৰিছে ৷ বঁটা গ্ৰহণ কৰি দাহালে কয় যে, প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ বঁটা প্ৰাপ্তিয়ে উৎসাহ আৰু আনন্দ প্ৰদান কৰিছে ৷
আনহাতে প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা-২০২৪ গ্ৰহণ কৰে শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱাল গাঁৱৰ যুৱ সাহিত্যিক সুপ্ৰকাশ ভূঞাই ৷ ১৯৯০ চনত জন্ম লাভ কৰা সুপ্ৰকাশ ভূঞাৰ পিতৃ-মাতৃ ক্ৰমে শান্তিৰাম ভূঞা আৰু ৰাণু ভূঞা ৷ তেওঁ ৰচনা কৰা গল্প প্ৰকাশ, প্ৰান্তিক, গৰীয়সী, সাতসৰী আদি আগশাৰীৰ সাহিত্য আলোচনীত ছপা হৈ আহিছে ৷ সমান্তৰালকৈ সমাজ-ৰাজনৈতিক বিষয়ক লৈও তেওঁ গৱেষণামূলক নিবন্ধ ৰচনা কৰি এক নিজস্ব বৌদ্ধিক পৰিচয় অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
বঁটা গ্ৰহণ কৰি তেওঁ কয় যে স্বীকৃতিয়ে মানুহক নতুন কাম কৰিবলৈ উৎসাহিত আৰু দায়ৱদ্ধ কৰে ৷ এই বঁটা লাভ কৰি ময়ো প্ৰেৰণা লাভ কৰিছোঁ ৷ এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক ড° অমৰজ্যোতি চৌধুৰীয়ে ভাষণ প্ৰসংগত কয়, “ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ এক অভিনৱ পদক্ষেপ ৷ শিপাৰ সন্ধানত আয়োজন কৰা এই সাহিত্য উৎসৱে নতুন চিন্তাৰ দুৱাৰ মুকলি কৰিছে ৷ বিশেষকৈ তৰুণ প্ৰজন্মৰ বাবে এয়া অতি প্ৰয়োজনীয় ৷ ইয়াৰ আলোচনাৰ বিষয়বোৰে ঐতিহ্য-পৰম্পৰা, সমাজ-সভ্যতাক, স্ববোধ-স্বাভিমানক সামৰি লৈছে ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সমগ্ৰ সৃষ্টিকৰ্মত জাতীয় দায়ৱদ্ধতা, সম্প্ৰীতি, বিশ্বজনীন দৰ্শন বিচাৰি পোৱা যায় ৷ এয়া দৰাচলতে আমাৰ সমাজ-সংস্কৃতিৰ দৰ্শন ৷ নতুন প্ৰজন্মই এই কথাবোৰ অনুধাৱন কৰিবলৈ উদ্বুদ্ধ হ’ব লাগিব ৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে এনে পৰিৱেশ গঢ়ি তুলিব বুলি নিশ্চয় আশা প্ৰকাশ কৰিব পাৰি ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° স্মৃতি কুমাৰ সিন্হা, সাহিত্য একাডেমি বঁটা প্ৰাপক সাহিত্যিক, বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, প্ৰাগজ্যোতিষপুৰ সহিত্য উৎসৱ-২০২৪ৰ কাৰ্যকৰী সভাপতি সৌম্যদ্বীপ দত্তই ৷ ইফালে, শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এই সাহিত্য উৎসৱ আজি অন্তিমদিনাও চাৰিখনকৈ আলোচনা সত্ৰ আৰু বহুভাষিক কবি সন্মিলনেৰে আকৰ্ষণীয় হৈ পৰে ৷
“স্ববোধ আৰু স্বাভিমানঃ প্ৰাগজ্যোতিষপুৰৰ সময়ৰ পৰা সাম্প্ৰতিক অসমলৈ” শীৰ্ষক আলোচনা সত্ৰখন সঞ্চালনা কৰি সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয়, “এয়া এক বিশাল বিষয় ৷ এনেধৰণৰ বিষয় আগতে আলোচনা হোৱা নাই ৷ স্ববোধ আৰু স্বাভিমান নাথাকিলে সেই জাতিও জীয়াই নাথাকে ৷ স্ববোধ, স্বাভিমানে দেশপ্ৰেমকো প্ৰতিনিধিত্ব ৷ উদাহৰণস্বৰপে “ৰোমান ৱাৰিয়’ৰ” বুলিলে দেশপ্ৰেমক বুজায় ৷ এয়া স্ববোধ আৰু স্বাভিমানৰ নিদৰ্শন ৷ ভাৰতীয় সভ্যতাই দেশক আই বুলিবলৈ শিকাইছে ৷ সেইদৰে অসমো আই ৷ আমাৰ বাবে ভাৰতী আই, অসমী আই ৷ অৰ্থাৎ আমাৰ মাতৃ আৰ দেশ একাকাৰ হৈ আছে ৷ এয়াই স্ববোধ, স্বাভিমান ৷”
তেওঁ লগতে কয় যে অসমৰ বুৰঞ্জীৰ বহু নতুন দিশ এতিয়া পোহৰলৈ আহিছে ৷ কামৰূপ, কামৰূপীয়া ভাষাৰ বহু কথা এতিয়া জানিবলৈ আৰম্ভ কৰিছোঁ ৷ হয়তো বুৰঞ্জীৰ আৰু বহু তথ্য পোহৰলৈ আহিব ৷ প্ৰাগজ্যোতিষপুৰৰ সময়ৰ সন্ধানে সেই বাট মুকলি কৰিব পাৰে ৷ স্ববোধ আৰু স্বাভিমানৰ নতুন দুৱাৰ লাহে লাহে খোল খাবলৈ আৰম্ভ কৰিছে ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্ৱাঞ্চল অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীয়েও ইয়াত সমল ব্যক্তিৰূপে অংশ লয় ৷
তেওঁ কয় যে প্ৰাগজ্যোতিষপুৰৰ পৰা এতিয়ালৈ আমি কিমান স্তৰ পাৰ হৈ আহিছো সেয়া বিচাৰ কৰাৰ প্ৰয়োজন আছে ৷ লোককলা, লোককথা আৰু প্ৰত্নতত্ত্বৰ জৰিয়তে নৰকাসুৰ, ভগদত্তৰ সময়ৰ ইতিহাসত দৃষ্টিপাত কৰিব পাৰি ৷ কিংবদন্তি আখ্যা প্ৰাগজ্যোতিষপুৰৰ এই বুৰঞ্জী প্ৰতিষ্ঠা কৰিবলৈ এই অধ্যয়নৰ দৰকাৰ ৷ পৰৱৰ্তী পৰ্যায়ৰ কামৰূপ বিশাল এখন দেশ আছিল ৷ এতিয়াও পশ্চিম প্ৰান্তৰ ভাষাটোক কামৰূপী বাংলা বুলি কোৱা হয় ৷ কিন্তু আমি কামৰূপী অসমীয়া বুলি নকও ৷ তৃতীয় শতিকাৰ কামৰূপৰ স্থাপত্য-ভাস্কৰ্য শ্ৰেষ্ঠ ৷ কামৰূপী ভাষাত তাহানিতে বহু পুথিপাজি প্ৰকাশ হৈছিল ৷ সপ্তম শতিকাতে হৰ্ষবৰ্ধনলৈ কামৰূপী ভাষাৰ পুথি প্ৰেৰণ কৰা হৈছিল ৷ প্ৰাগজ্যোতিষপুৰৰ পৰৱৰ্তী স্তৰ কামৰূপ ৷ কিন্ত দ্বাদশ শতিকাৰ পৰা বিভিন্ন ৰাজনৈতিক কাৰণ আৰু আক্ৰমণৰ বাবে কামৰূপ ভাঙিবলৈ লয় ৷ এনেদৰে এটা এটা স্তৰ অতিক্ৰমী আহি আজিৰ পৰ্যায়ত উপনীত হৈছোঁ ৷ কামৰূপীয়া স্বাভিমানে আমাক সংস্কৃতিৰ একতাৰে বান্ধি ৰাখে ৷ স্বাভিমান মানে অহংকাৰ নহয় ৷ যিয়ে আনকো সন্মান কৰিব পাৰে সেইসকলহে স্বাভিমানী ৷
বিষয় প্ৰসংগত কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে কয় যে পাশ্চাত্যৰ কিছু ইতিহাসবিদে আমাৰ বুৰঞ্জীৰ বহু অপব্যাখ্যা কৰিছে ৷ মেক্স মূলাৰ ইয়াৰ অন্যতম উদাহৰণ ৷ আমাৰ স্ববোধ, স্বাভিমান ভাৰতৰ সনাতনী সভ্যতাৰ পৰা বিচ্ছিন্ন নহয় ৷ মহাপুৰুষ শংকৰদেৱে তেওঁৰ সৃষ্টি কৰ্মত ৪৬ বাৰ ভাৰতৰ বন্দনা কৰিছে ৷ এয়াই আমাৰ সনাতনী স্বাভিমান ৷ এসময়ত বাংলাদেশ নাছিল, অসমো নাছিল ৷ এই বিশাল দেশ আছিল প্ৰাগজ্যোতিষপুৰ, আছিল কামৰূপ ৷ শিপাৰ সন্ধান কৰিলে এয়া বিচাৰি পোৱা যায় ৷ কিন্তু একাংশই শিপাৰ সন্ধান নকৰাকৈ ভাৰতৰ তথা অসমৰ বুৰঞ্জীৰ অপব্যাখ্যা কৰে ৷ ইয়াৰ বিপৰীতে আমি স্ববোধ, স্বাভিমান অৰ্জন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷
তেওঁ প্ৰসংগক্ৰমে বকিংমচন্দ্ৰ, ৰবিন্দ্ৰ নাথ ঠাকুৰকে প্ৰমুখ্য কৰি বহুতৰে বিভিন্ন গ্ৰন্থৰ উদ্ধৃতি দিয়ে ৷ আন এগৰাকী সমল ব্যক্তি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ব বিষয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° যোগেন্দ্ৰ নাথ শৰ্মাই কয়—“ আমাৰ স্ববোধ-স্বাভিমানৰ চিৰপ্ৰবহমান পৰিচয় হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ ৷ সুদূৰ অতীতৰে পৰা ব্ৰহ্মপুত্ৰই এই ভূখণ্ডৰ জনজীৱনক গঢ় দিছে আৰু নিয়ন্ত্ৰণ কৰিছে ৷ নদী-মাটি-অৰণ্যৰ সৈতে অসমৰ লোকসমাজৰ নিবিড় সম্পৰ্ক আছে ৷ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদ এই ভূখণ্ডৰ ইতিহাসৰ প্ৰতিটো স্তৰতে আছে গুৰুত্বপূৰ্ণ ভূমিকা ৷ ইয়াৰ আধ্যাত্মিকতা, সংস্কৃতি, ৰাজনীতি সকলো ক্ষেত্ৰতে আছে ব্ৰহ্মপুত্ৰৰ অৱদান ৷ ব্ৰহ্মপুত্ৰখন নাথাকিলে শৰাইঘাটৰ ৰণত অসমে জয়লাভ কৰিব নোৱাৰিলেহেঁতেন ৷”
ইপিনে “আঞ্চলিক সাহিত্য আৰু সংস্কৃতিৰ অন্বেষণঃ উত্তৰ-পূৱ ভাৰতৰ কণ্ঠ” শীৰ্ষক আলোচনা সত্ৰখন সঞ্চালনা কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পৰী হিলৈদাৰীয়ে ৷ তেওঁ কয় যে আঞ্চলিক সাহিত্য আৰু সংস্কৃতিয়ে ভাৰতীয় মহাসংস্কৃতিক গঢ় দিছে ৷ সাংস্কৃতিক আদান-প্ৰদানে ভৌগোলিক সীমা অতিক্ৰমী বিশাল ভাৰতবৰ্ষৰ ধাৰণা নিৰ্মাণ কৰিছিল ৷ আমি মহাভাৰতৰ কথা ক’ব পাৰোঁ; য’ত অসমৰ কথা, উত্তৰ-পূৰ্বাঞ্চলৰ কথা পোৱা যায় ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ সৃষ্টিয়েও এই বৃহত্তৰ অঞ্চলকে প্ৰতিনিধিত্ব কৰে ৷ তেওঁ ভাৰতীয় সাহিত্য-সংস্কৃতিৰ সোঁত ইয়ালৈ বোৱাই আনিছিল ৷ উত্তৰ-পূৰ্বাঞ্চল হৈছে সাহিত্য-সংস্কৃতিৰ এক শক্তিশালী কণ্ঠস্বৰ ৷
এই সত্ৰত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি ত্ৰিপুৰাৰ কবি, বিশিষ্ট লেখক অশোক দেৱে কয়,“সকলো মানুহ লোক-জীৱনৰে প্ৰতিনিধি ৷ সেয়ে লোকসংস্কৃতিত মানুহৰ জীৱনশৈলী প্ৰতিফলিত হয় ৷ ত্ৰিপুৰাত ১৯ টা ভাষা আছে ৷ ১০ কিলোমিটাৰৰ অন্তৰে অন্তৰে ভাষসমূহৰ পৰিৱৰ্তন লক্ষ্য কৰিব পাৰি ৷ এই প্ৰতিটো ভাষাৰ লোককথা, লোকসংস্কৃতিয়ে ত্ৰিপুৰাৰ সংস্কৃতি গঢ়ি তুলিছে ৷ মই নিজে বাংলা ভাষাত লিখো কিন্তু ত্ৰিপুৰাৰ লোকজীৱনৰ কথাই লিখোঁ ৷”
আন এগৰাকী সমল ব্যক্তি, অৰুণাচল প্ৰদেশৰ বিশিষ্ট লেখক, ৱাংচা চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক গণখু চুমনয়নে কয় যে দেশৰ অন্যান্য প্ৰান্তৰ দৰে অৰুণাচলৰ সাহিত্য-সংস্কৃতিৰ নিজস্ব ৰূপ আছে ৷ এইবোৰ সামগ্ৰিকভাৱে দেশীয় সংস্কৃতিৰে অংশ ৷ মণিপুৰৰ কবি-গীতিকাৰ, নিবন্ধকাৰ দিলীপ মায়েংবামে এই সন্দৰ্ভত এনেদৰে কয়, “মণিপুৰ সংস্কৃতিৰ এক বিশাল আৰু চহকী ভাণ্ডাৰ ৷ মণিপুৰৰ সংস্কৃতিয়ে ভাৰতীয় সংস্কৃতিক সুকীয়া পৰিচিতি প্ৰদান কৰিছে ৷ সংকীৰ্ত্তনৰ পৰা আৰম্ভ কৰি মণিপুৰৰ সাংস্কৃতিক ঐতিহ্য বিশ্বমাত্ৰিক পৰিচয়েৰে সমৃদ্ধ ৷”
তেওঁ প্ৰসংগক্ৰমে প্ৰসিদ্ধ পৰিচালক ৰতন থিয়ামৰ কথাও উল্লেখ কৰে ৷ বিষয় প্ৰসংগত অৰুণাচলৰ ৰাজীৱ গান্ধী ক্ষেত্ৰিয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বম্পি ৰিবাই কয় যে লোকসংস্কৃতিয়ে অৰুণাচলক সমৃদ্ধ কৰিছে ৷ লোকসংগীত, সাধুকথা, লোকনৃত্যৰে অৰুণাচলৰ জনজীৱন পৰিপূৰ্ণ ৷ জনগোষ্ঠীয় বিভিন্নতাৰ সমানে বৰ্ণিল কৃষ্টি-সংস্কৃতিও গঢ়ি উঠিছে ৷ ইয়াত পুৰুষ আৰু মহিলাৰ সুকীয়া লোকগীত আছে ৷ এয়া আমাৰ সাংস্কৃতিক ঐশ্বৰ্যৰ চিনাকি ৷
ইপিনে “সৃজনীমূলক সাহিত্যঃ গল্প লিখাৰ কাৰুকলা” শীৰ্ষক কৰ্মশালাত সমল ব্যক্তিৰূপে বক্তব্য আগবঢ়ায় বিশিষ্ট কথাশিল্পী অতনু ভট্টাচাৰ্যই ৷ সমান্তৰালভাৱে অনুষ্ঠিত হোৱা “অসমৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ সোপান” শীৰ্ষক কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে বিশিষ্ট প্ৰকৃতিবিদ, লেখক সৌম্যদীপ দত্তই ৷ উল্লেখ্য যে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱক আজি আকৰ্ষণীয় কৰি তোলে ভিন্নভাষী কবি সন্মিলনে ৷ বড়ো ভাষাৰ বিশিষ্ট কবি ৰত্নেশ্বৰ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত এই কবি সন্মিলনত অংশগ্ৰহণ কৰে মৃদুল হালৈ (অসমীয়া ভাষা), অভিজিৎ গগৈ (অসমীয়া ভাষা) , ৰবি শংকৰ ৰবি (হিন্দী ভাষা), ৱেলচিং হান্সে (কাৰবি ভাষা), দেবেন চাপকাটা ( নেপালী ভাষা)ই ৷