/asomiyapratidin/media/media_files/2025/09/11/1-2025-09-11-09-11-56.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: দুটা বৰ্ষৰ সফলতাৰ পিছত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেছনে তৃতীয় বৰ্ষৰ বাবে আয়োজন কৰিব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ। ১৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত অনুষ্ঠিত হ’ব তৃতীয় প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ।
শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেছনৰ অধ্যক্ষ লে: জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতা আৰু সচিব ড° সুদেষ্ণা ভট্টাচাৰ্য্যই এক বিবৃতি যোগে এই কথা জনাইছে। তৃতীয় প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ সফলতাৰে আয়োজন কৰাৰ লক্ষ্যৰে প্ৰথিতযশা সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীক সভাপতি, বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদীপ দত্তক কাৰ্যকৰী সভাপতি তথা যুৱ সাহিত্য কৰ্মী বিক্ৰম কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতিও গঠন কৰা হৈছে।
এই উৎসৱৰ লগত সংগতি ৰাখি, বিগত দুটা বৰ্ষৰ দৰে, ২০২৫ বৰ্ষৰ বাবেও এগৰাকী প্ৰতিষ্ঠিত আৰু এগৰাকী উদীয়মান সাহিত্যিকক প্ৰদান কৰা হ’ব প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা। ২০২৩ চনৰ পৰা শিপাৰ সন্ধানত মূল মন্ত্ৰৰে আৰম্ভ হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ অসমৰ সাহিত্য ক্ষেত্ৰখনৰ বাবে এক অনন্য সংযোজন হিচাপে চিহ্নিত হৈছে।
সাহিত্য চৰ্চাৰ মাজেৰে বৌদ্ধিক উৎকৰ্ষ সাধন তথা সমাজত বিয়পি পৰা নেতিবাচক ধাৰণাসমূহ মষিমূৰ কৰি উত্তৰ প্ৰজন্মৰ মাজত সূস্থ চিন্তাধাৰা বোৱাই দিয়াই প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ প্ৰধান উদ্দেশ্যে । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্যিক-চিন্তাবিদৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় কবি-সাহিত্যিক-নিৱন্ধকাৰৰ বাবে এখন মননশীল মঞ্চ স্বৰূপ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ।
প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫ৰ তিনি দিনীয়া কাৰ্যসূচী পূৰ্বৰ দুবছৰৰ দৰেই সাহিত্যৰ এক মহা আয়োজন হিচাপে পৰিগণিত হ’ব বুলি আয়োজক সকলে আশা প্ৰকাশ কৰিছে । বিতং কাৰ্যসূচী সন্দৰ্ভত সবিশেষ পৰৱৰ্তী পৰ্যায়ত সদৰি কৰা হ’ব বুলি বিবৃতিটোৰ জৰিয়তে জানিবলৈ দিছে ।
সাহিত্য জগতৰ ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত খ্যাতি সম্পন্ন, তথা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ-সাহিত্যক প্ৰভাৱান্বিত কৰা বহু কেইজন পুৰোধা ব্যক্তিৰ সমাহাৰ ঘটিব প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৫ত । এই উৎসৱ সাহিত্য অনুৰাগীৰ বাবে হ’ব এক বিৰল অনুভৱ ।