Advertisment

মণিৰাম দেৱান ট্ৰেড চেন্টাৰত প্ৰাগজ্যোতিষপুৰ দিৱস উদযাপন

কলিতা সকলৰ ঐতিহ্য সাংস্কৃতিক,ৰাজনৈতিক, ইতিহাস সমূহৰ পৰা কৌশলেৰে নাইকিয়া কৰাৰ এক বৌদ্ধিক আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ বিৰুদ্ধে শিপাৰ সন্ধানত কলিতা জনগোষ্ঠীৰ চিন্তাশীল ব্যক্তি সকলৰ পৰামৰ্শ মতে প্ৰাগজ্যোতিষপুৰ দিৱস উদযাপন

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
r

ডিজিটেল সংবাদ,গুৱাহাটীঃ  আজি মণিৰাম দেৱান ট্ৰেড চেন্টাৰত কলিতা জনগোষ্ঠী যৌথ মঞ্চৰ উদ্যোগত প্ৰাগজ্যোতিষপুৰ দিৱস উদযাপন কৰা হয়। সভাত কেইবাগৰাকী ৰাজনৈতিক তথা শিক্ষাবিদে নিজ নিজ ভাষণ ৰাখে। সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কলিতা জনগোষ্ঠী অসমৰ এটা প্ৰাচীনতম জনগোষ্ঠী আৰু এই জনগোষ্ঠীয়ে অসমৰ সকলো দিশতে প্ৰভূত অৰিহণা আগবঢ়াই আহিছে বুলি উল্লেখ কৰে।

Advertisment

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অনাগত দিনত এই চৰকাৰে কলিতা জনগোষ্ঠীৰ প্ৰাপ্যৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰ সহায় কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে সাংসদ দিলিপ শইকীয়াই কলিতা সকলে অতি শীঘ্ৰে ভূমি অধিকাৰ লাভ কৰিব বুলি কয়। বিধায়ক দিগন্ত কলিতাই কলিতা সকলৰ দাবী সমূহ মুখ্যমন্ত্ৰীৰ লগ আলোচনা কৰি সমাধান কৰাৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে।

[

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কলিতা জনগোষ্ঠী অসমৰ মূখ্য উপদেষ্টা অৰবিন্দ কলিতাই, স্মৃতি তৰ্পন কৰে মধুৰাম ডেকা আৰু কেশৱ কলিতাই। মুকলি সভাত সভাপতিত্ব কৰে কলিতা জনগোষ্ঠী অসমৰ সভাপতি সোনেশ্বৰ কলিতাই।

মুকলি সভা উদ্বোধন কৰে পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নিত্যানন্দ কলিতাই। উদ্দেশ্য বাখ্যা কৰে কলিতা আলপাইন জনগোষ্ঠীৰ সম্পাদক নয়ন কলিতাই। সভাত আমন্ত্ৰিত অতিথি হিচাবে বিভিন্ন জনক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আঁত ধৰে কলিতা জনগোষ্ঠী সন্মিলন অসমৰ  সম্পাদক চিত্তৰঞ্জন ডেকাই আৰু অজিত ডেক,বিজয় কলিতা আৰু ৰমেন কলিতা উজ্জ্বল কলিতাই।

[

সভাত ভাষণ ৰাখে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ আহ্বায়ক ভূবনেশ্বৰ কলিতা আৰু শলাগৰ শৰাই আগবঢ়াই আহ্বায়ক বিশ্বজিত ডেকাই। সভাই নিম্নলিখিত দাবীৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। কলিতা সকলক জনজাতি কৰা, কলিতা সকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা, অসমৰ নাম প্ৰাগজ্যোতিষপুৰ কৰা, কলিতা সকলৰ বাবে প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব পৰিষদ গঠন কৰা, অসমৰ কলিতা ছাত্র-ছা্ত্ৰীক মিছন ভূমি পুত্ৰৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা ইত্যাদি।

প্ৰাগজ্যোতিষপুৰ দিৱস