/asomiyapratidin/media/media_files/2025/11/11/ujjjdd-2025-11-11-10-38-11.jpg)
ডিজিটেল ডেস্কঃ দিল্লী বোমা বিস্ফোৰণত ৰাজনীতিৰ গোন্ধ পাইছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। বিস্ফোৰণ সংঘটিত হোৱা খন্তেক সময়ৰ পাছতে নগাঁৱৰ কংগ্ৰেছ সাংসদগৰাকীয়ে এক্সযোগে এই কথা ৰাজহুৱা কৰাৰ পাছতে সাংসদগৰাকীক তীব্ৰ কটাক্ষ কৰে বিজেপিৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে।
এনে এক স্পৰ্শকাতৰ বিষয়ত ৰাজনীতিৰ গোন্ধ পোৱা সাংসদগৰাকীক প্ৰথমে কটাক্ষ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। অনবৰতে ভোটবেংকৰ স্বাৰ্থত কাম কৰা বুলি সাংসদ গৰাকীক কটাক্ষ কৰে মন্ত্ৰী হাজৰিকাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/11/cb7f4a02-eb6a-4311-98e6-53d97541499c-2025-11-11-11-09-13.jpg)
আনহাতে বিজেপি বিধায়ক মানৱ ডেকাই বোমা বিস্ফোৰণ সংঘটিত কৰা পাকিস্তানৰ সৈতে কোনো সংযোগত আছে নেকি বুলিও প্ৰশ্ন কৰে সাংসদ বৰদলৈক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/11/907d35d1-0d29-44d5-aff7-7f5822c7be84-2025-11-11-11-09-25.jpg)
মন্ত্ৰী কৌশিক ৰায়ে কংগ্ৰেছ সাংসদগৰাকীক কটাক্ষ কৰি কয় যে, বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে উক্ত ঘটনাক ৰাজনীতিৰ ৰং দিবলৈ চেষ্টা কৰা এগৰাকী সাংসদৰ এই কাণ্ড অতিকৈ নিন্দনীয় বুলি কটাক্ষ কৰে। কংগ্ৰেছে এনে এগৰাকী সাংসদক সংসদৰ মজিয়ালৈ নিৰ্বাচন কৰি পঠোৱাতোৱেই দুভাৰ্গ্যজনক বুলি কয় মন্ত্ৰী ৰায়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/11/3c604a09-5b60-4678-9712-4c78006ea174-2025-11-11-11-09-34.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us