/asomiyapratidin/media/media_files/2025/11/25/1-2025-11-25-20-10-28.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি আৰু চৰকাৰে সময়ে সময়ে বিভ্ৰান্তিকৰ আৰু অপপ্ৰচাৰ চলোৱাৰ বিষয়ে আজি জোকৰ মুখত চূণ দিয়াকৈ যুক্তি প্ৰদৰ্শন কৰি সংবাদমেল সম্বোধন কৰে দলৰ দুই জ্যেষ্ঠ নেতা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
দুয়োজন নেতাই আজি স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছ দলৰ চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সকলো আইনী প্ৰক্ৰিয়াৰ মাজেৰে কেন্দ্ৰীয় চৰকাৰলৈ বিভিন্ন সময়ত প্ৰতিবেদন আৰু প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। সংবাদমেল সম্বোধন কৰি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শাসকীয় বিজেপি দলে বিগত ১০ বছৰ ধৰি নিকৃষ্ট খেল খেলি আহিছে।
২০১৬ চনত তেতিয়াৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে অসমত বিজেপি চৰকাৰ গঠন হ'লে ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব বুলি ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত সেয়া ঘোষণা হৈয়েই ৰ’ল। এতিয়া এই বিষয়বোৰৰ কোনো উত্তৰ নথকাত বিজেপিয়ে মানুহক বিভ্ৰান্ত কৰি কংগ্ৰেছ দললৈ দোষ ঠেলিবলৈ চেষ্টা চলাই আহিছে।
তেওঁ আৰু কয়, ''২০১৬ চনৰ পিছত অসমত কেবাটাও নিৰ্বাচন পাৰ হৈ গ’ল। ৬ জনগোষ্ঠীয়ে এই সময়ছোৱাত ধৰ্ণা, প্ৰতিবাদ, পথ অৱৰোধ, জোঁৰ সমদল, যন্তৰ-মন্তৰত প্ৰতিবাদকে ধৰি একাধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে যদিও সকলো ফুটুকাৰ ফেন হৈ পৰিল।’’
নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া বিজেপিয়ে কেবিনেটৰ মন্ত্ৰী গোটৰ বৈঠকত বিষয়টো আলোচনা কৰাৰ অন্তত সেয়া কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলেই বাকী পদক্ষেপসমূহ গ্ৰহণ কৰা হ’ব বুলি বাৰম্বাৰ কৈ আহিছে বুলিও অভিযোগ কৰে দেৱব্ৰত শইকীয়াই। শইকীয়াই কয় যে অসমক আৰএছএছে লেব’ৰেটৰী হিচাপে ব্যৱহাৰ কৰিছে আৰু বিজেপিয়ে অসমৰ মানুহক হেবাং আৰু হোজা বুলি ভাবে।
দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰীসকললৈ লিখা চিঠিত এই কথাৰ উল্লেখ আছিল যে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বান্ধোন বৰ্তাই ৰাখিব লাগে। কিন্তু এতিয়া ক্ষমতাৰ ৰাজনীতিত আৰএছএছে জাতি-জনগোষ্ঠীৰ মাজত বিভাজন কৰি আহিছে।
এতিয়া জনজাতিৰ স্বীকৃতি লাভ কৰাসকলেও আন্দোলন কৰিছে আৰু একাংশই জনজাতিকৰণ পাবলৈ আন্দোলন কৰাৰ ফলত জাতি-জনগোষ্ঠীৰ মাজত বিভাজন বাঢ়িছে। হিমন্ত বিশ্ব শৰ্মাৰ নিকৃষ্ট ৰাজনীতিৰ বাবে অসমৰ জাতি-জনগোষ্ঠীৰ মাজত বিভাজন আহিছে বুলিও শইকীয়াই কয়।
মুখ্যমন্ত্ৰীয়ে অসত্য কথা কয় বুলি উল্লেখ কৰি শইকীয়াই কয় যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ চৰকাৰ থাকোতে লোৱা সংকল্প ক্ৰুটিপূৰ্ণ আছিল বুলি মুখ্যমন্ত্ৰীয়ে এক অপপ্ৰচাৰ চলাই আছে। কংগ্ৰেছে সদনত এতিয়ালৈকে যি সংকল্প প্ৰস্তাৱ আনিছে সেই প্ৰস্তাৱত ৬ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ প্ৰদান কৰাৰ ফলত আন জনগোষ্ঠীসমূহৰ ক্ষতি হ’বলগীয়া একো কথা নাই।
''১৯৯১-১৯৯৫ চনতে তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ভাৰত চৰকাৰলৈ বিৱৰণ প্ৰেৰণ কৰিছিল। তেতিয়া ভাৰত চৰকাৰৰ তৰফৰ পৰা আৰু অধিক বিৱৰণ বিচাৰি পত্ৰ দিছিল। এই অনুযায়ী ট্ৰাইবেল ৰিছাৰ্চ ইনষ্টিটিউটে বিষয়টো অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিছিল। ইয়াৰ ভিত্তিতে ২০০৫-০৬ চনত অসম বিধানসভাই ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে প্ৰস্তাৱ লৈছিল।
২০১৪ চনতো তেতিয়াৰ অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সৰ্বদলীয় কমিটি এখনে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদনত ৬ জনগোষ্ঠীক কিদৰে জনজাতিকৰণ দিব পৰা যায় সেই সম্পৰ্কে বিস্তৃত ব্যাখ্যা আছিল।’’- ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে কংগ্ৰেছ দলে যথাসম্ভৱ চেষ্টা চলাই আহিছিল বুলি উল্লেখ কৰি এইদৰে কয় দেৱব্ৰত শইকীয়াই।
কংগ্ৰেছে এই ক্ষেত্ৰত একো কৰা নাই বুলি বিজেপিয়ে কৰি অহা অভিযোগ ভিত্তিহীন বুলিও কয় বিৰোধী দলপতিগৰাকীয়ে। এই সন্দৰ্ভত তদানীন্তন কংগ্ৰেছ সাংসদ মাধৱ ৰাজবংশী, বিজয়কৃষ্ণ সন্দিকৈকে ধৰি একাধিক সাংসদে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে প্ৰাইভেট বিল উত্থাপনকে ধৰি আন একাধিক প্ৰচেষ্টা হাতত লৈ অহাৰ কথাও সংবাদমেলত সদৰী কৰে।
তেওঁ আৰু কয় যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে কৈ অহা অসম চৰকাৰৰ কেবিনেটৰ মন্ত্ৰীগোটৰ বৈঠকৰ প্ৰতিবেদনখনৰ কোনো মূল্য নাই কিয়নো সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ টেবুলতহে আছে। ১৯৯৬ চনৰ সূত্ৰ অনুসৰি ৬ জনগোষ্ঠীৰ নেতাসকলক কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিবলৈকো আহ্বান জনাই শইকীয়াই।
বিজেপিয়ে বাবাচাহেব আম্বেদকাৰে দি থৈ যোৱা ভাৰতীয় সংবিধানৰ পৰিৱৰ্তে মনুসংহিতাৰ নীতি প্ৰৱৰ্তন কৰিব খোজে বাবেই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক বিভিন্ন কূট-কৌশলৰে এনেকৈ লেহেমীয়া কৰি গৈছে বুলিও দেৱব্ৰত শইকীয়াই। মনুসংহিতা প্ৰৱৰ্তনৰ লক্ষ্যৰে অসম তথা উত্তৰ-পূবৰ জনগোষ্ঠীসমূহক দমন কৰিবৰ বাবে বিজেপি দলে খাদ্যভ্যাসকে আদি কৰি বিভিন্ন আইনৰ সংশোধন কৰি আহিছে বুলিও শইকীয়াই কয়।
ইফালে, সংবাদমেলত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী, প্ৰথিতযশা কংগ্ৰেছ নেতা গোপীনাথ বৰদলৈয়ে ভাৰতীয় সংবিধান সভাত উল্লেখ কৰিছিল যে সমগ্ৰ অসমখনেই জনজাতীয় বৈশিষ্ট্যতাৰে ভৰপূৰ। ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকৰ নিজৰ সংস্কৃতি, কৃষ্টি বিকাশৰ আৰু স্বকীয়তা বৰ্তাই ৰখাৰ সমান সুবিধা পাব লাগে আৰু প্ৰয়োজন সাপেক্ষে অসমখন জনজাতীয় ৰাজ্য হিচাপে ঘোষিত হ’ব লাগে।
ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ সেই ঐতিহাসিক ঘোষণাই এতিয়াও কংগ্ৰেছ দলৰ স্থিতি। সাংসদ বৰদলৈয়ে লগতে কয় যে সংবিধান সভা গঠন হোৱাৰ সময়ত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা দুজন বিশিষ্ট কংগ্ৰেছ নেতা আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু জে জে এম নিকলছ ৰয়।
এই দুয়োজন নেতাই বিআৰ আম্বেদকাৰৰ সভাপতিত্বত গঠন হোৱা সংবিধান সভাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ মৰ্যাদাপূৰ্ণ সাংবিধানিক সুৰক্ষা বিচাৰিছিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে দিয়া প্ৰস্তাৱ অনুসৰিয়েই ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত হৈছিল। এই ষষ্ঠ অনুসূচীৰ দ্বাৰা অসমত বিভিন্ন জনগোষ্ঠীক সমবিকাশৰ সুবিধা আৰু মৰ্যাদা, সাংবিধানিক স্বীকৃতি লাভ কৰিছিল।
বৰদলৈয়ে লগতে কয় যে ১৯৯৬ চনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা হিতেশ্বৰ শইকীয়াই বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত অসমত থকা জনজাতীয় লোকসকলক কংগ্ৰেছ দলৰ চৰকাৰ আহিলে জনগোষ্ঠীয় স্বীকৃতি দিয়া হ’ব বুলি ঘোষণা কৰিছিল।
কংগ্ৰেছ দলৰ স্থিতি সন্দৰ্ভত নিজৰ বক্তব্য আগবঢ়াই বৰদলৈয়ে কয় যে অসমত ইতিমধ্যে জনজাতি হিচাপে স্বীকৃতি লাভ কৰা জনগোষ্ঠীসমূহৰ মৰ্যাদা আৰু সাংবিধানিক সুৰক্ষা অব্যাহত ৰাখি অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাতো বিচাৰে। প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান অনুসৰি থকা ৫০ শতাংশ সংৰক্ষণ ব্যৱস্থা সংবিধান সংশোধনীৰ দ্বাৰা বৃদ্ধি কৰিব লাগে।
বৰদলৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা তথা আৰএছএছৰ কূট-কৌশল ওফৰাই জনজাতীয় বৈশিষ্ট্য থকা অসমৰ সকলো জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা প্ৰদানেৰে জনজাতিৰ মৰ্যাদা দিবলৈ অনাগত দিনসমূহতো কংগ্ৰেছ দলে পূৰ্ণোদ্যমেৰে কাম কৰি যাব। সংবাদমেলখনত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল খালেক, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰো উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us