নিদিলে ৰাজ্যিক সন্মান! প্ৰদীপ বৰুৱাক শেষ শ্ৰদ্ধা জনাবলৈ নাহিল শাসক-বিৰোধীৰ কোনো নেতা...

প্ৰান্তিকৰ পিতৃ তথা প্ৰতিষ্ঠাপক প্ৰদীপ বৰুৱাৰ শেষকৃত্য বৃহস্পতি বাৰে নৱগ্ৰহ শশ্মানত সম্পন্ন হয়। সীমিত সংখ্যক গুণমুগ্ধ তথা পৰিয়ালৰ লোকৰ উপস্থিতিত সম্পন্ন হোৱা এই শেষকৃত্য

author-image
Asomiya Pratidin
New Update
new ap web 6

ডিজিটেল ডেস্কঃ প্ৰান্তিকৰ পিতৃ তথা প্ৰতিষ্ঠাপক প্ৰদীপ বৰুৱাৰ শেষকৃত্য বৃহস্পতি বাৰে নৱগ্ৰহ শশ্মানত সম্পন্ন হয়। সীমিত সংখ্যক গুণমুগ্ধ তথা পৰিয়ালৰ লোকৰ উপস্থিতিত সম্পন্ন হোৱা এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

27b4456d-7019-4200-be91-3dc2f4826e16

বিশিষ্ট সংবাদিক তথা অসম লোকসেৱা আয়োগৰ সদস্য সমুদ্ৰ গুপ্ত কাশ্যপ, দিলীপ চন্দন, অংকুৰ ডেকা, কমল কটকী, ডা০ নাৰায়ণ শৰ্মা, মনোজ গোস্বামী, প্ৰশান্ত ৰাজগুৰু, প্ৰকাশ মহন্ত, মৃণাল তালুকদাৰকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উপস্থিত থাকে নৱগ্ৰহ শশ্মানত। লক্ষ্যণীয়ভাৱে বিশিষ্ট সাংবাদিক তথা লেখকগৰাকীৰ শেষ যাত্ৰাত উপস্থিত নাথাকিল অসম চৰকাৰৰ কোনো প্ৰতিনিধি।

f16f8e6e-35b4-4dce-8456-e76e40703649

অসমৰ সাহিত্য আৰু জাতীয় জীৱনলৈ বৰেণ্য অৱদান আগবঢ়োৱা এইগৰাকী অসমীয়াক ৰাজ্যিক সন্মান প্ৰদান কৰাৰ কথা চৰ্চা হৈছিল যদিও তেওঁক সেই সন্মানো প্ৰদান কৰা নহ'ল। আনকি ৰজাঘৰৰ কোনো প্ৰতিনিধি উপস্থিত নাথাকিল এই শেষকৃত্য অনুষ্ঠানত।

f2230f1f-b89f-4ddc-81d5-864f4de801cc

ৰজাঘৰীয়াই নহয়! অসমৰ বিৰোধী দলৰো কোনো প্ৰতিনিধি দেখা নগ'ল প্ৰদীপ বৰুৱাৰ শেষকৃত্য অনুষ্ঠানত। প্ৰান্তিক আলোচনীৰ জৰিয়তে শ শ লেখক-লেখিকাৰ সৃষ্টি কৰা এইগৰাকী মহীৰূহৰ শেষযাত্ৰাত উপস্থিত থাকিল সীমিত সংখ্যক লোক। 

a50221cc-8c08-40c7-8182-26e57fdd2b86

বিশিষ্ট ব্যক্তিগৰাকীক কৰা এনে অৱজ্ঞাক লৈ ইতিমধ্যে চৰ্চা হৈছে। ওৰে জীৱন সাহিত্য আৰু জাতীয় জীৱনৰ বাবে নীৰৱে কাম কৰি যোৱা ব্যক্তিগৰাকীক 

প্ৰান্তিক