/asomiyapratidin/media/media_files/2026/01/15/new-ap-web-1-43-2026-01-15-09-19-45.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট লেখক, সাংবাদিক তথা প্ৰান্তিকৰ প্ৰতিষ্ঠাপক প্ৰদীপ বৰুৱাৰ নশ্বৰ দেহ পুৱা ৮বজাত তেওঁৰ নিজা বাসভৱনলৈ অনা হৈছে। চানমাৰিৰ নীলগিৰি পথত থকা তেওঁৰ বাসগৃহত ভিৰ কৰিছে অসংখ্য গুণমুগ্ধই।
দিনৰ ১১বজাত নৱগ্ৰহ শশ্মানত তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব। উল্লেখ কৰা প্ৰয়োজন যে, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কণিষ্ঠ সন্তান আছিল বৰুৱা মাত্র কেইদিনমান পূৰ্বে মৃত্যু হৈছিল ভাতৃ প্রফুল্ল গোবিন্দ বৰুৱাৰ
১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মলাভ কৰিছিল বৰুৱাই গুৱাহাটীৰ ডনবস্ক’ স্কুলৰ পৰা বৰুৱাৰ আৰম্ভ হৈছিল স্কুলীয়া শিক্ষা। কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল প্রদীপ বৰুৱাই। বৰুৱাক প্রদান কৰা হৈছিল সাদিন প্রতিদিন গোষ্ঠীৰ Achivers Award । সাদিন সাহিত্য সাংবাদিকতা বঁটাও প্রদান কৰা হৈছিল প্রদীপ বৰুৱাক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us