শিৱসাগৰৰ প্ৰবীণ অভিনেতা, নাট্যকাৰ ডা০ প্ৰদীপ কুমাৰ বৰদলৈৰ দেহাৱসান...

অসমৰ এগৰাকী বলিষ্ঠ অভিনেতা, নাট্যকাৰ তথা সুচিকিৎসক ডা০ প্ৰদীপ কুমাৰ বৰদলৈ আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা নাট্যকাৰ অভিনেতা প্ৰদীপ বৰদলৈৰ আজি

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, শিৱসাগৰঃ  অসমৰ এগৰাকী বলিষ্ঠ অভিনেতা, নাট্যকাৰ তথা সুচিকিৎসক ডা০ প্ৰদীপ কুমাৰ বৰদলৈ আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা নাট্যকাৰ অভিনেতা প্ৰদীপ বৰদলৈৰ আজি বিয়লি ৫-৩০ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮১ বছৰ বয়সত মৃত্যু হয়।

তেওঁৰ মৃত্যুত শোক স্তব্ধ হৈ পৰে শিৱসাগৰৰ বৌদ্ধিক সমাজ। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে ডা০ প্ৰদীপ বৰদলৈৰ মৃত্যু শোক প্ৰকাশ কৰি কয় যে, বলিষ্ঠ অভিনেতা, নাট প্ৰশিক্ষক প্ৰদীপ বৰদলৈ মোৰ মৰমৰ ভাতৃ আছিল। তেওঁৰ মৃত্যু শিৱসাগৰেই নহয়, সমগ্ৰ অসমৰ নাট্য অভিনয়ৰ জগতখনৰ বাবে অপূৰণীয় ক্ষতি। তেওঁৰ মৃত্যুৱে শিৱসাগৰৰ নাট্য জগতখনক অভিভাৱকহীন কৰিলে বুলি ইমৰান শ্বাহে মন্তব্য কৰে। 

আজি নিশা এইগৰাকী অভিনেতাৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ চহৰৰ শংকৰ মন্দিৰ পথলৈ অনাৰ পিছত শ শ গুণমুগ্ধৰ তেওঁৰ বাসভৱনলৈ সমাগম হয়। সকলোৱে তেওঁৰ নশ্বৰ দেহত পুষ্পাঞ্জলি তৰ্পণেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ পুত্ৰ অভিনেতা অৰ্ণৱ বৰদলৈ, একমাত্ৰ জীয়াৰী আৰু নাতি নাতিনীক ইহ সংসাৰত এৰি থৈ যায়। কাইলৈ শিৱসাগৰ চহৰত থকা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। তাৰ পূৰ্বে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব।

যোৱা সাত দশকৰ পৰা ডা০ প্ৰদীপ বৰদলৈ আছিল শিৱসাগৰৰ নাট্য জগতৰ এটা চিনাকি নাম। সেউজ কোঁৱৰ পৰাগ চলিহাৰ সৈতে তেখেতে শিৱসাগৰ নাট্য মন্দিৰত ফনী শৰ্মাৰ কালজয়ী নাট চিৰাজ ত অতি সুন্দৰ অভিনয় কৰিছিল। চিৰাজ কথাছবিতো তেওঁ পৰাগ চলিহাৰ সৈতে একেলগে অভিনয় কৰিছিল। মেডিকেল কলেজত পঢ়ি থকা অৱস্থাতে তেওঁ সান্তনা বৰদলৈৰ সৈতে তেওঁ বহুকেইখন নাটকত অভিনয় কৰিছিল।

শিৱসাগৰ নাট্য সমাজ আৰু যুৱদলৰ সৈতে জড়িত হৈ প্ৰদীপ বৰদলৈয়ে মাউচট্ৰেপ, ফিংগাৰ প্ৰিন্ট, মগৰীবৰ আজানৰ উপৰিও অৰ্ধ শতাধিক নাটক, চুটি ছবিত বলিষ্ঠ ভাৱে অভিনয় কৰাৰ লগতে তেওঁ নাটকৰ প্ৰশিক্ষণো প্ৰদান কৰিছিল।

শিৱসাগৰৰ নৱজাগৰণ সংঘৰ প্ৰতিষ্ঠাপক সভাপতি, সৰ্বমঙ্গলমৰ সভাপতিৰ উপৰিও শিৱসাগৰৰ অৰ্ধ শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে মৃত্যু পৰ্যন্ত জড়িত আছিল এই গৰাকী সুচিকিৎসক তথা নাট্যকাৰ। বহুকেইখন অসমীয়া নাটকৰ ৰচনা কৰি প্ৰদীপ বৰদলৈয়ে নৱ প্ৰজন্মৰ অতি সুন্দৰ ভাৱে নাটকৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। শিৱসাগৰৰ শংকৰদেৱ সমাজ নামঘৰতো তেখেতে বহুকেইখন অংকীয়া ভাওনাতো সুন্দৰ অভিনয় কৰিছিল।

প্ৰদীপ বৰদলৈৰ মৃত্যুত শিৱসাগৰ নাট্য সমাজৰ সভানেত্ৰী দীপালী চলিহাৰ লগতে শিৱসাগৰ যুৱদল, মিলিত শিল্পী সমাজ , সেউজীয়া সমাজ সঙ্গীত মহাবিদ্যালয়, নাট্যপীঠ, অসম নাট্য সন্মিলন, শিৱসাগৰ যুৱদল, শিৱসাগৰ প্ৰেছ ক্লাৱ, নিউলুক একাডেমী, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, ই মেডিয়া এচচিয়েচনকে ধৰি শিৱসাগৰৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।।

অসম