বৌদ্ধিক চিন্তাৰে অসমবাসীক বাট দেখুওৱা এগৰাকী ব্যক্তিক আমি হেৰুৱালো...

মাঘ বিহুৰ দিনটোতে বিশিষ্ট সাংবাদিক, লেখক তথা প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ মৃত্যুৰ খবৰে অসমবাসীক মৰ্মাহত কৰিছে। গুৱাহাটীৰ চানমাৰীৰ নীলগিৰি পথস্থিত বাসগৃহলৈ বিশিষ্ট সাংবাদিকগৰাকীৰ নশ্বৰ দেহ আজি পুৱা ৮বজাত অনা হয়।

author-image
Asomiya Pratidin
New Update
new ap web 3 (33)

ডিজিটেল ডেস্কঃ মাঘ বিহুৰ দিনটোতে বিশিষ্ট সাংবাদিক, লেখক তথা প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ মৃত্যুৰ খবৰে অসমবাসীক মৰ্মাহত কৰিছে। গুৱাহাটীৰ চানমাৰীৰ নীলগিৰি পথস্থিত বাসগৃহলৈ বিশিষ্ট সাংবাদিকগৰাকীৰ নশ্বৰ দেহ আজি পুৱা ৮বজাত অনা হয়। আজি দিনৰ ১১ বজাত নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব তেওঁৰ শেষকৃত্য।

ইফালে, তেওঁৰ মৃত্যুত শোক ভাঙি পৰিছে পৰিয়ালবৰ্গ। প্ৰদীপ বৰুৱাৰ কন্যাই অসমীয়া প্ৰতিদিনক জনাই যে- '২৯ ডিচেম্বৰত হাস্পতাললৈ লৈ অনা হৈছিল। পিছদিনা অৰ্থাৎ ৩০ ডিচেম্বৰৰ পুৱা এক অস্ত্ৰোপচাৰ কৰা হয়। এই অস্ত্ৰোপচাৰৰ দুদিনমান পিছত ইনফেকশ্যন হৈছিল যাৰ ফলত উশাহ লোৱাত কিছু কষ্ট পাইছিল তেওঁ। ১৪ জানুৱাৰীৰ পুৱাৰ ভাগৰ পৰা ৰক্তচাপ বহু পৰিমান হ্ৰাস পালে আৰু অৱশেষত সন্ধিয়া ৭.২৭ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।' 

আনহাতে, প্ৰদীপ বৰুৱাৰ বাসগৃহত ভিৰ কৰিছে অসংখ্য গুণমুগ্ধই। বিশিষ্ট সাংবাদিকগৰাকীক জনাইছে শেষ শ্ৰদ্ধাঞ্জলি। আছু নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে- 'এইটো বছৰত আমি প্ৰদীপ বৰুৱা ডাঙৰীয়াক আমি হেৰুৱালো। অসমৰ বৌদ্ধিক জগতত তেখেতে সমুখৰ পৰা নেতৃত্ব লৈছিল। অসমৰ প্ৰতিটো সংকটৰ সময়ত বৌদ্ধিক চিন্তাৰে অসমবাসীক বাট দেখুৱাইছিল। অসমৰ সমাজ জীৱনৰ এয়া এক বৃহৎ ক্ষতি। আমি এগৰাকী অভিভাৱকক হেৰুৱালো। '

প্ৰদীপ বৰুৱা প্ৰান্তিক