ঢকুৱাখনাৰ নতুন সহজিলা আয়ুক্ত প্ৰভাত পেগু

ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনাযোগে ঢকুৱাখনা সমজিলাৰ সহজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথক ঢকুৱাখনাৰ পৰা বদলি কৰিছে । ২৮ ফেব্ৰুৱাৰীৰ স্বাক্ষৰিত এক নিৰ্দেশনাযোগে ঢকুৱাখনা সমজিলাত প্ৰভাত পেগুক নতুন  সহজিলা আয়ুক্ত হিচাপে নিযুক্তি দিছে।

author-image
Asomiya Pratidin
New Update
213

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনাযোগে ঢকুৱাখনা সমজিলাৰ সহজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথক ঢকুৱাখনাৰ পৰা বদলি কৰিছে । ২৮ ফেব্ৰুৱাৰীৰ স্বাক্ষৰিত এক নিৰ্দেশনাযোগে ঢকুৱাখনা সমজিলাত প্ৰভাত পেগুক নতুন  সহজিলা আয়ুক্ত হিচাপে নিযুক্তি দিছে।

ঢকুৱাখনা সমজিলাত ২১নৱেম্বৰত নিযুক্তি লাভ কৰা অসম অসামৰিক সেৱাৰ বিষয়া নাথক অতি সীমিত সময়ৰ ভিতৰতে ঢকুৱাখনাৰ পৰা বদলি কৰাত বিষয়টোৱে চর্চা লাভ কৰিছে। জানিব পৰা মতে শীঘ্ৰে নৱনিযুক্ত সহজিলা আয়ুক্ত পেগুৱে ঢকুৱাখনাত যোগদান কৰিব।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ এ এ পি/১১৮/২০২১/৫৬ কিউ নম্বৰৰ নিৰ্দেশনাযোগে ৰাজ্যখনৰ মুঠ ১৮ গৰাকী অসম অসামৰিক সেৱাৰ সহজিলা আয়ুক্তক ভিন্ন স্থানলৈ বদলি কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে । 

ঢকুৱাখনা