/asomiyapratidin/media/media_files/2026/01/18/agp-kkakka-2026-01-18-19-06-28.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ গৌৰীপুৰৰ অৱসৰপ্ৰাপ্ত ৰাজহ বিভাগৰ জ্যেষ্ঠ সহায়ক প্ৰভাষ চন্দ্ৰ ৰায়ৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ গৌৰীপুৰত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত ৰায়ৰ বয়স আছিল প্ৰায় ৭০ বছৰ। ২০১৬ চনত তেওঁ ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
অৱসৰৰ পিছত তেওঁ নামঘৰ, শ্মশান মন্দিৰ পৰিচালনা কমিটি, শাখা সাহিত্য সভা, জ্যেষ্ঠ নাগৰিক মঞ্চ আদি বিভিন্ন দল-সংগঠনৰ লগতে ধৰ্মীয় কাম-কাজৰ সৈতে জড়িত হৈ পৰিছিল। উল্লেখ্য যে, প্ৰভাষ চন্দ্ৰ ৰায় অসম আন্দোলনৰ এগৰাকী অক্লান্ত কৰ্মী আছিল।
গোলাঘাটত অনুষ্ঠিত হোৱা অগপৰ প্ৰথম অভিৱৰ্তনত তেওঁ কৰিছিল অংশগ্ৰহণ। তেওঁ অগপৰ গৌৰীপুৰ আঞ্চলিক কমিটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। জানিব পৰা মতে, যোৱা কিছুদিন ধৰি প্ৰভাষ চন্দ্ৰ ৰায় বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল।
পৰিয়ালৰ লোকে পাছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি অহাৰ সময়তে শনিবাৰে সন্ধিয়া তেওঁৰ মৃত্যু হয়। ৰায়ৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গৌৰীপুৰত শোকাকুল পৰিবেশৰ সৃষ্টি কৰাৰ লগতে অগণন গুণমুগ্ধৰে তেওঁৰ ঘৰ ভৰি পৰে।
আজি পুৱা লালজী ভৱনত থকা অগপ কাৰ্যালয়ত ৰায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তাতে ধুবুৰী জিলা অগপ কমিটিৰ সভাপতি বিশ্বজিৎ কলিতাই শ্ৰদ্ধাঞ্জলি জনায়। নামঘৰ কমিটিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে গৌৰীপুৰৰ ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইফালে, স্থানীয় গৌৰীপুৰ শ্মশান মন্দিৰত ৰায়ৰ শেষকৃত্য সম্পন্ন কৰে। মৃত্যুৰ সময়ত ৰায়ে পত্নী, এটি কন্যা সন্তান আৰু এজন পুত্ৰ সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধক ইহঃসংসাৰত এৰি যায়। উল্লেখ্য যে, প্ৰভাষ চন্দ্ৰ ৰায়ৰ মৃত্যুৰ বাবে গৌৰীপুৰ অগপ কাৰ্যালয়ত তিনিদিন পতাকা অৰ্ধনমিত কৰি ৰাখিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us