পোৱামক্কা দৰগাহ শ্বৰীফত তিনিদিনীয়াকৈ আৰম্ভ পবিত্ৰ উৰুচ মেলা

হাজোৰ ঐতিহ্যমণ্ডিত পোৱামক্কা দৰগাহ শ্বৰীফত তিনিদিনীয়াকৈ আৰম্ভ হৈছে পবিত্ৰ উৰুচ মেলা। ধৰ্মীয় ভক্তি, ঐক্য আৰু সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন হৈ পৰিছে এই মেলা।

author-image
Asomiya Pratidin
New Update
PAWAMAKKKAAAAAA

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ ঐতিহ্যমণ্ডিত পোৱামক্কা দৰগাহ শ্বৰীফত তিনিদিনীয়াকৈ আৰম্ভ হৈছে পবিত্ৰ উৰুচ মেলা। ধৰ্মীয় ভক্তি, ঐক্য আৰু সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন হৈ পৰিছে এই মেলা।

দেশ-বিদেশৰ পৰা অহা প্ৰায় পাঁচ লক্ষাধিক ভক্তৰ উপস্থিতিত উদূলি-মুদুলি হৈ পৰিছে হাজোৰ বাকৰি। ভক্তসকলে নিজৰ মনোকামনা পূৰ্ণ হোৱাৰ আশাৰে দৰগাহত শিৰনত কৰি দোৱা কৰে। একে সময়তে হিন্দু-মুছলিম ভাতৃত্বৰ এক শক্তিশালী বাৰ্তা বহন কৰি আহিছে হাজোৰ এই পৱিত্ৰ স্থানে।

ইফালে, উৰুচ মেলাক কেন্দ্ৰ কৰি সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আৰক্ষী প্ৰশাসন, স্বেচ্ছাসেৱী সংগঠন আৰু দৰগাহ পৰিচালনা সমিতিয়ে মিলি পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। যান-বাহন নিয়ন্ত্ৰণ, স্বাস্থ্য সেৱা আৰু পানী ব্যৱস্থাক লৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আগন্তুক তিনিদিন ধৰি ধৰ্মীয় কাৰ্যসূচীৰ লগতে ভক্তৰ আগমন অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। হাজোৰ পোৱামক্কা দৰগাহ শ্বৰীফৰ উৰুচ মেলাই পুনৰবাৰ অসমত ধৰ্মীয় সহাবস্থান আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিছে।

হাজো