/asomiyapratidin/media/media_files/2026/03/07/ap-web-cong-2026-03-07-23-01-37.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ সভাপতি পদ এৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰাৰ মাত্ৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই সুনীল ছেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে একাধিক ভয়ংকৰ অভিযোগ। ইমানেই নহয় নিজৰ ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি ছাত্ৰ ৰাজনীতি এৰি কংগ্ৰেছত যোগদান কৰা সুনীল ছেত্ৰীৰ বিৰুদ্ধে কোনো অজ্ঞাত লোকে নাৰীজনিত এক অতি স্পৰ্শকাতৰ প্ৰসংগৰ উত্থাপন কৰি তেজপুৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ বেৰত পোষ্টাৰিং কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এইক্ষেত্ৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত তথা ৰাজীৱ ভৱনৰ সন্মুখৰ বেৰ,দৰ্জা আদিত বগা কাগজত লিখা চৰিত্ৰহীন কংগ্ৰেছ নেতা সুনীল ছেত্ৰীক কংগ্ৰেছৰ টিকট নিদিব, পৰকীয়া প্ৰেম কৰি ধৰা পৰা ছাত্ৰনেতা সুনীল ছেত্ৰীক কংগ্ৰেছৰ টিকট নিদিব,নাৰী কেলেংকাৰীৰ মহানায়ক সুনীল ছেত্ৰীক কংগ্ৰেছৰ টিকট নিদিব আদিকে কৰি বিভিন্নধৰনে লিখা পোষ্টাৰিং কৰা বহু লোকৰে পৰিলক্ষিত হয়।
ইফালে সুনীল ছেত্ৰীক লৈ কৰা এই পোষ্টাৰিঙৰ ভিডিঅ’ আৰু ফটো সকলোৰে হাতে হাতে ভাইৰেল হৈ পৰে। উল্লেখ্য যে হঠাতে আগছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি সুনীল ছেত্ৰীয়ে নদুৱাৰৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীক কাষত লৈ শুকুৰবাৰে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিতে কংগ্ৰেছ দলত যোগদান কৰিছিল।
ইফালে কংগ্ৰেছত যোগদানৰ পিছতে গোৰ্খা নেতা সুনীল ছেত্ৰীয়ে সমাগত বিধানসভা নিৰ্বাচনত শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিত দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব বুলি বিভিন্ন মাধ্যমত চলা ব্যাপক প্ৰচাৰে স্থানীয় প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাসকলৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মী তথা দুটাকৈ ব্লক আৰু ১৮ টা মণ্ডলৰ বিষয়ববীয়াকো ক্ষুদ্ধ কৰি তুলিছে। উল্লেখ্য যে ইতিমধ্যেই কংগ্ৰেছে নিৰ্দিষ্ট কৰি দিয়া নিৰ্দেশনা আৰু সময়মতেই ৬৯ নং নদুৱাৰ সমষ্টিত প্ৰাৰ্থীত্ব বিচাৰি শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দাদুল বৰকাকতী,পাৰ্থ প্ৰতীম বৰা,প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা,ক্ষেমৰাজ ঢাকাল,ৰূপা কলিতা ,সম্পুৰ্ণা শইকীয়া,বেদব্ৰত বৰা,নিৰঞ্জন নাথ ,কৌশিক কাশ্যপ,জিত তামাঙ,প্ৰেম নেৱাৰ,আৰমান আলি,সম্বিত শৰ্মা আৰু লোচন ছেত্ৰীকে ধৰি ১৫ জনে প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰিছিল।
সেই অনুসৰি সুদীৰ্ঘ দিন ধৰি দলৰ কাৰণে দিনে-নিশাই কষ্ট কৰি অহা সকলক বাদ দি যোগদান কৰা সুনীল ছেত্ৰীক সমাগত নিৰ্বাচনত দলে প্ৰাৰ্থিত্ব দিব বুলি সন্দেহ কৰি কংগ্ৰেছ নেতাকৰ্মীসকল ক্ষোভত ফাটি পৰিছে। এনে পৰিপ্ৰেক্ষিতত দলৰ শীৰ্ষ নেতাই যদি কোনো আগপিছ নাভাবি স্থানীয় কৰ্মীৰ কথা নুশুনি সুনীল ছেত্ৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে সমষ্টিটোত দলৰ ভিতৰত মুকলি বিদ্ৰোহ হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।
ইফালে নদুৱাৰৰ একাংশ নিষ্ঠাবান কংগ্ৰেছ নেতাকৰ্মীয়ে কোনো কাৰণতেই সুনীল ছেত্ৰীক দলৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিবৰ বাবে কঠোৰভাৱে সকিয়াই দি আনকি ১৮ টা মণ্ডল আৰু দুটা ব্লক কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যাক বিষয়ববীয়াই দল এৰাৰো হুংকাৰ প্ৰদান কৰিছে। আনহাতে ২৬ ৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ ভিতৰচৰাত আৰম্ভ হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজখনে বিজেপিৰ জয় পথ অধিক মসৃণ কৰি তুলিছে।
এইক্ষেত্ৰত নিৰ্বাচন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে নদুৱাৰ সমষ্টিত বিজেপিয়ে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত সাংগঠনিক ভেঁটি পূৰ্বতকৈ আৰু অধিক শক্তিশালী কৰি তুলিছে। এইক্ষেত্ৰত ৰাজীৱ ভৱনৰ বেৰত অজ্ঞাত লোকে অশ্লীল বিষয়ক লৈ কৰা পোষ্টাৰিং সন্দৰ্ভত সুনীল ছেত্ৰীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us