আজি পোষ্ট মেলনৰ সংগীতানুষ্ঠান! সৃষ্টি হোৱা বিৰ্তকক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে...

আজি ৮ ডিচেম্বৰ। গুৱাহাটীৰ খানাপাৰাত আজি সংগীত পৰিৱেশন কৰিব বিশ্ববিখ্যাত ৰেপ সংগীতৰ গায়কক পোষ্ট মেলনে। ভাৰতত প্ৰথমবাৰৰ বাবে মুম্বাইত সংগীতানুষ্ঠান কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে আজি গুৱাহাটীত সংগীতানুষ্ঠানত কৰিব পোষ্ট মেলনে।

author-image
Asomiya Pratidin
New Update
jjjdd

ডিজিটেল ডেস্কঃ আজি ৮ ডিচেম্বৰ। গুৱাহাটীৰ খানাপাৰাত আজি সংগীত পৰিৱেশন কৰিব বিশ্ববিখ্যাত ৰেপ সংগীতৰ গায়কক পোষ্ট মেলনে। ভাৰতত প্ৰথমবাৰৰ বাবে মুম্বাইত সংগীতানুষ্ঠান কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে আজি গুৱাহাটীত সংগীতানুষ্ঠানত কৰিব পোষ্ট মেলনে।

ইতিমধ্যে পোষ্ট মেলনৰ এই সংগীতানুষ্ঠানক লৈ তীব্ৰ বিৰ্তকৰ সৃষ্টি হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন পূৰ্বে আজিৰ দিনটোতে দাখিল কৰাৰ আছিল যদিও ১২ডিচেম্বৰলৈকে পিছুৱাই দিয়া হৈছিল এই দিন। বহুতে অভিযোগ উত্থাপন কৰিছে যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন গাপ দিবলৈকে চৰকাৰে এনে পন্থা হাতত লৈছে।

এনে বিৰ্তকক লৈ যোৱা দেওবাৰৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, জুবিন জীৱিত কালতেই পোষ্ট মেলন অসমলৈ আমন্ত্ৰণ কৰা হৈছিল। তেতিয়া জুবিন বা আন কোনেও ইয়াক লৈ আপত্তি কৰা নাছিল। এতিয়া হঠাতে ইমান আপত্তিৰ কাৰন কি, মই বুজি পোৱা নাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ চুবুৰীয়া ৰাজ্যকেইখনত এনে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংগীতানুষ্ঠান হৈয়ে থাকে। এনে হ'লে পৰ্যটনৰ দিশটো উন্নত হয়। এই ক্ষেত্ৰত অসম কিয় পিছ পৰি থাকিব বুলিও কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানটোত অসম চৰকাৰে কোনো ধন খৰছ কৰা নাই বুলি উল্লেখ কৰি অন্য ক্ষেত্ৰত কিছু সহায়হে কৰিছে বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে, মই নিজে এই অনুষ্ঠানলৈ নাযাও আৰু আমাৰ এগৰাকী মন্ত্ৰীও পোষ্ট মেলনক চাবলৈ নাযায়। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা