/asomiyapratidin/media/media_files/2025/12/08/whatsapp-image-2025-12-08-15-57-29.jpeg)
ডিজিটেল ডেস্কঃ সকলোৱে অপেক্ষাৰত হৈ থকা ৰেপ আৰু ৰক সংগীতৰ মায়াসনা সন্ধ্যালৈ মাজত মাত্ৰ কেইটামান ঘন্টা। উত্তৰ-পূৰ্বাঞ্চলবাসীক মোহাচন্ন কৰিবলৈ গুৱাহাটীত উপস্থিত হ'বহি আমেৰিকান পপষ্টাৰ পষ্ট মেলন। আজি সন্ধিয়া খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠান পৰিৱেশন কৰিব পোষ্ট মেলনে। ইতিমধ্যে সকলোবোৰ তৈয়াৰ কৰাৰ লগতে সকলোৱে অপেক্ষা কৰি আছে পপষ্টাৰ পষ্ট মেলনৰ গীত শুনিবলৈ।
/asomiyapratidin/media/post_attachments/wp-content/uploads/2023/04/GettyImages-1461622497-244193.jpg?w=1024&h=683&crop=1)
উল্লেখ্য যে, নৱপ্ৰজন্মৰ মাজত ব্যাপক আগ্ৰহ দেখা পোৱা গৈছে এই কনচাৰ্টৰ বাবে। অমেৰিকান পপষ্টাৰগৰাকীক ওচৰৰ পৰা এবাৰ চোৱাৰ হেপাঁহ সকলোৰে। পশ্চীমীয়া সংস্কৃতিৰ সৈতে নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলক চিনাকী কৰাই এক নতুন পৰিচয় গঢ়ি তোলাৰ প্ৰয়াস।
/asomiyapratidin/media/post_attachments/wp-content/uploads/2023/05/post-malone-single-174669.jpg?w=1581&h=1054&crop=1)
নিয়ৰসনা গধূলীত সুৰৰ মায়াজালেৰে বান্ধ খাব খানাপাৰাৰ খেলপথাৰ। চৌদিশে পপষ্টাৰ পষ্ট মেলনৰ পোষ্টাৰ। এই মিউজিক কনচাৰ্টৰ বাবে ৰখা ২৫ হাজাৰ আসন ইতিমধ্যে ফিলাপ হৈছে। দ্বিতীয়বাৰৰ বাবে আহিছে পপষ্টাৰগৰাকী। তেওঁৰ প্ৰতিটো গীতত যেন আছে নানা ৰস। পপষ্টাৰগৰীৰ গীতত ৰঙীন হৈ পৰিব খানাপাৰাৰ নিশাৰ পৰিৱেশ।
/asomiyapratidin/media/post_attachments/wp-content/uploads/2024/08/Post-Malone.-Credit_-Kevin-Mazur_Getty-Images-for-dcp-732940.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us