অসমলৈ আহিব আমেৰিকান পপষ্টাৰ প’ষ্ট মেলন

পিনে সামাজিক মাধ্যমত বহুতে পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টৰ পোষ্ট সমূহ শ্বেয়াৰ কৰিছে। য'ত নৱপ্ৰজন্মৰ যুৱ-যুৱতীসকল এই কনচাৰ্টৰ উপভোগৰ বাবে অধিৰ অপেক্ষাৰত হৈ আছে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
WhatsApp Image 2025-12-06 at 2.57.50 PM

ডিজিটেল ডেস্কঃ  ৮ ডিচেম্বৰত অসমলৈ আহিব আমেৰিকান পপষ্টাৰ প’ষ্ট মেলন। অসমৰ পৰ্যটন উদ্যোগত পোন প্ৰথমবাৰৰ বাবে বিশ্ব বিখ্যাত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টৰ আয়োজন কৰা হৈছে। এই লাইভ কনচাৰ্টৰ  টিকটসমূহ ইতিমধ্য সোল্ড আউট হৈ পৰিছে। এই অনুষ্ঠানত টিকটৰ মূল্যসমূহ হৈছে, GA- ২৪৯৯ টকা, VIP-৩,৯৯৯ টকা, FANPIT- ৫,৯৯৯ টকা আৰু LOUNGE- ১২,৯৯৯ টকা। ইতিমধ্যে BookMyShow ত LOUNGE ৰ টিকট সোল্ড আউট দেখুৱাইছে।

image (2)

উল্লেখ্য যে, গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এই কনচাৰ্টৰ আয়োজন কৰা হৈছে। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পীজনৰ অনুষ্ঠানৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে। ইপিনে সামাজিক মাধ্যমত বহুতে পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টৰ পোষ্ট সমূহ শ্বেয়াৰ কৰিছে। য'ত নৱপ্ৰজন্মৰ যুৱ-যুৱতীসকল এই কনচাৰ্টৰ উপভোগৰ বাবে অধিৰ অপেক্ষাৰত হৈ আছে। 

Post Malone To Perform In Guwahati ...
 
প্ৰণিধানযোগ্য যে,  এই অনুষ্ঠানটো সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'ব আৰু ৫ ঘণ্টা ধৰি চলিব অনুষ্ঠানটো। ভাৰতত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ এইটো দ্বিতীয়টো কনচাৰ্ট। ইয়াৰ পূৰ্বে আমেৰিকান পপষ্টাৰগৰাকী ভাৰতলৈ আহি  লাইভ কনচাৰ্টত সংগীত পৰিৱেশন কৰিছিল। এই কনচাৰ্টৰ বহু লোক উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। 

Assam unveils concert tourism policy ...

ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে প্ৰতিজন অসমীয়াই ন্যায় বিচাৰি থকা পৰিলক্ষিত হৈছে। তেনে সময়তে আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্ট আয়োজন কৰাত প্ৰতিগৰাকী অসমীয়াৰ মাজত নানা প্ৰশ্ন উত্থাপন হৈছে। 

debut India concert positions Guwahati ...

পপষ্টাৰ প’ষ্ট মেলন