/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/3-17.jpg)
ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত কোকছাবাৰীৰ নিবাসী তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী মাধৱ দত্ত(৪৮)ই বুধবাৰে ডিব্ৰুগড়স্থিত সৃষ্টি নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷ জানিব পৰা মতে পোষ্ট কোভিডত আক্ৰান্ত হৈ ১২ দিন ধৰি আই চি ইউত মৃত্যুৰ সৈতে যুঁজি নিশা ৮.৪৫ বজাত নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক আকোঁৱালি লয়৷
এগৰাকী সমাজকৰ্মী তথা অমায়িক ব্যক্তিক হেৰুৱাই অঞ্চলবাসী ৰাইজ শোকস্তব্ধ হৈ পৰিছে৷ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷দত্তই মৃত্যুৰ সময়ত পত্নীসহ, মাতৃ, দুজন পুত্ৰ, ভাতৃ, পৰিয়ালবৰ্গৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ৷