/asomiyapratidin/media/media_files/2025/09/10/gahori-2025-09-10-10-06-53.jpg)
ডিজিটল ডেস্কঃ গাহৰি মাংস ভালপোৱা সকলৰ বাবে এটা বেয়া খবৰ। ৰাজ্যত পুনৰ ভিন্ন জিলাত ছোৱাইন ফ্লুৰ আতংকই দেখা দিছে। যাৰ বাবে ধেমাজি জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক কঠোৰ সিদ্ধান্ত। এই সিদ্ধান্তৰ কথা ৰাজহুৱা হোৱাৰ পাছতে এতিয়া সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰিছে গাহৰি মাংস প্ৰেমীসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/sddefault-2025-09-10-10-11-44.jpg)
ধেমাজি জিলাত গাহৰি মাংস বেচা-কিনাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্রশাসনে। ছোৱাইন ফ্লুত আক্রান্ত অঞ্চলৰ ১০ কিঃমিঃৰ ভিতৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। যদিহে এই নিয়ম কোনেৱে উলংঘা কৰে তেন্তে কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ কথাও সদৰি কৰিছে প্ৰশাসনৰ লোকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/sddefault-1-2025-09-10-10-11-58.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ ভিন্ন স্থানত গাহৰিৰ দেহত ধৰা পৰিছে ছোৱাইন ফ্লুৰ অৱস্থিতি । যাৰ বাবে সষ্টম হৈছে জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/10/hqdefault-2025-09-10-10-12-11.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us