Advertisment

বিশিষ্ট চলচিত্ৰ প্ৰযোজক পৰাণ বৰবৰুৱা আৰু নাই...

অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি পৰাণ বৰবৰুৱা আছিল অতি সচেতন। এই সচেতনতাৰে তেওঁ প্ৰতিভাৱান পৰিচালকৰ সৈতে মিলি যুগান্তকাৰী চিত্ৰনাট্যত ধন বিনিয়োগ কৰি অসমৰ চলচিত্ৰ উদ্যোগক সমৃদ্ধ কৰিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
vcx

ডিজিটেল ডেস্কঃ বিশিষ্ট চলচিত্ৰ প্ৰযোজক আৰু সাংস্কৃতিক কৰ্মী পৰাণ বৰবৰুৱা আৰু নাই। ২ জানুৱাৰীৰ নিশা ১০.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বৰবৰুৱাই। অতি দুৰদৰ্শী আৰু বহু প্ৰতিভাৰ সমাহাৰ আছিল বৰবৰুৱা। 

Advertisment

অসমীয়া চলচিত্ৰ উদ্যোগলৈ প্ৰযোজক হিচাপে তেওঁৰ আছিল বিশেষ অৱদান। যি সময়ত অসমীয়া চলচিত্ৰ উদ্যোগে আৰ্থিক সমস্যাত ভূগিছিল সেই সময়ত তেওঁ বৃহৎ বাজেটৰ ছবিৰ বাবে ধন বিনিয়োগ কৰা প্ৰযোজক সকলৰ অন্যতম আছিল।

অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি তেওঁ আছিল অতি সচেতন। এই সচেতনতাৰে তেওঁ প্ৰতিভাৱান পৰিচালকৰ সৈতে মিলি যুগান্তকাৰী চিত্ৰনাট্যত ধন বিনিয়োগ কৰি অসমৰ চলচিত্ৰ উদ্যোগক সমৃদ্ধ কৰিছিল।

চিনেমাৰ উপৰিও তেওঁ এজন সফল উদ্যোগী হিচাপেও প্ৰতিষ্ঠা লাভ কৰিছিল। উদভাৱন আৰু স্থিতিস্থাপকতাৰে থলুৱা উদ্যোগক আগবঢ়াই নি তেওঁ ৰাজ্যৰ প্ৰগতিৰ অংশীদ্বাৰ হৈছিল। বহল হৃদয়ৰ আৰু আৰ্তজনক সহায়ৰ বাবে তেওঁ সদায় আগবাঢ়ি আহিছিল।

দুখীয়াক সহায় কৰাৰ লগতে বানাক্ৰান্তক সহায় কৰা, অভাৱগ্ৰস্ত শিশু সকলক আগুৱাই নিয়াত তেওঁৰ উদৰতাৰ সকলোৱে অনগত দিনবোৰত স্মৰণ কৰিব। অসমৰ সাংস্কৃতিক জগতৰ বাবে পৰাণ বৰবৰাৰ মৃত্যুৰ খবৰ অতিকৈ দুখজনক।

পৰাণ বৰবৰুৱা