গান্ধী প্রতিমূর্তিৰ সন্মুখত প্রতিবাদত বহিব ভাৰতীয় সৈনিকঃ অনুমতি প্ৰদান উচ্চ ন্য়ায়ালয়ৰ...

মমতা বেনাৰ্জীয়ে সেনাই বিজেপিৰ অধীনত কাম কৰি থকা বুলি আপত্তিজনক মন্তব্য দিছিল। ইয়াৰ পাছত সেনাৰ প্ৰাক্তন বিষয়াসকলে মমতা বেনাৰ্জীৰ মন্তব্য সন্দৰ্ভত প্রতিবাদী কাৰ্যসূচী গ্ৰহণৰ বাবে কলকাতা উচ্চ ন্যায়ালয়ৰ অনুমতি বিচাৰিছিল।

author-image
Asomiya Pratidin
New Update
new ap web 1 (13)

ডিজিটেল ডেস্কঃ  পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কিছুদিন পূর্বে ভাৰতীয় সেনা সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ পাছত কলকাতা উচ্চ ন্যায়ালয়ে ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিকসকলক কলকাতাৰ ময়দান অঞ্চলত থকা গান্ধী প্রতিমূর্তিৰ সন্মুখত প্রতিবাদ কৰাৰ অনুমতি প্রদান কৰিছে।

উল্লেখযোগ্য যে কিছুদিন পূর্বে সেনাৰ দ্বাৰা ময়দান অঞ্চলত তৃণমূল কংগ্রেছৰ এখন অস্থায়ী মঞ্চ আঁতৰাই দিয়াৰ পাছত মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ভাৰতীয় সেনা সন্দৰ্ভত কিছু আপত্তিজনক মন্তব্য দিছিল। তৃণমূল কংগ্রেছক এই অস্থায়ী মঞ্চ সেই স্থানৰ পৰা আঁতৰোৱাৰ বাবে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো দলটোৱে এই কথা আওকান কৰাৰ লগতে কলকাতা আৰক্ষীয়ে এই সন্দর্ভত কোনো পদক্ষেপ গ্রহণ নকৰাৰ বাবে সেনাই এই ব্যৱস্থা গ্রহণ কৰিছিল।

ময়দান অঞ্চলটো ভাৰতীয় সেনাৰ নিয়ন্ত্ৰণৰ অধীনত আৰু ইয়াৰ ভূমিৰ এটা গুৰুত্বপূর্ণ অংশ প্রতিৰক্ষা মন্ত্ৰ্যালয়ৰ বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতি আৰু এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ পাছত কলকাতা উচ্চ ন্যায়ালয়ে ভাৰতীয় সেনাক প্রতিবাদ সাব্যস্ত কৰাৰ অনুমতি প্রদান কৰিছে।

 ন্যায়ালয়ে অৱশ্যে এই বিষয়ত কেতবোৰ নিষেধাজ্ঞাও জাৰি কৰিছে। সেই অনুসৰি বিজেপিৰ কোনো নেতাকেই এই প্রতিবাদী কার্যসূচীত অংশগ্রহণৰ অনুমতি প্রদান কৰা নহ'ব আৰু অংশগ্ৰহণকাৰীসকলৰ তালিকা আগতীয়াকৈ কলকাতা আৰক্ষীৰ ওচৰত দাখিল কৰিব লাগিব।

তৃণমূল কংগ্ৰেছৰ অস্থায়ী মঞ্চ সেই স্থানৰ পৰা আঁতৰোৱা সন্দৰ্ভত মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ পাছত পশ্চিমবংগ বিধানসভাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু বিৰোধী নেতা শুভেন্দু অধিকাৰীক তিনিদিনীয়া বিশেষ অধিৱেশনত বিধানসভাৰ পৰা নিলম্বন কৰা হয়।

উল্লেখ্য যে, মমতা বেনাৰ্জীয়ে সেনাই বিজেপিৰ অধীনত কাম কৰি থকা বুলি আপত্তিজনক মন্তব্য দিছিল। ইয়াৰ পাছত সেনাৰ প্ৰাক্তন বিষয়াসকলে মমতা বেনাৰ্জীৰ মন্তব্য সন্দৰ্ভত প্রতিবাদী কাৰ্যসূচী গ্ৰহণৰ বাবে কলকাতা উচ্চ ন্যায়ালয়ৰ অনুমতি বিচাৰিছিল।

মমতা বেনাৰ্জী ভাৰতীয় সেনা