ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দুলীয়াজানত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত কাৰ্যসূচীত যোগদান দিয়ে ৩০০তকৈ অধিক লোকে ।
যোগদান কাৰ্যসূচীত ৰাইজৰ উৎসাহ দেখি আপ্লুত হৈছিল দলীয় নেতৃত্ব । অসমত আঞ্চলিকতাবাদৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে। য’লৈকে গৈছো, তাতেই জনতাই ৰাইজৰ দলক আদৰি লৈছে। আজি দুলীয়াজান নগৰত বিশাল যোগদান সমাৰোহত ২০০ গলবস্ত্ৰ যোগাৰ কৰা হৈছিল, দুশজনৰ যোগদানৰ বাবে। কিন্তু গলবস্ত্ৰ কমিল, যোগদান কৰিবলৈ মানুহ আহিল প্ৰায় ৩০০ জন।- এইদৰে মন্তব্য কৰে দলৰ নেতৃবৰ্গই ।