/asomiyapratidin/media/media_files/2026/01/28/whatsapp-i-2026-01-28-11-26-47.jpeg)
ডিজিটেল ডেস্কঃ ২০২৬ ৰ ২৮ জানুৱাৰীৰ পুৱাই আহিছিল এটা দুখবৰ। মুম্বাইৰ পৰা বাৰামতীলৈ ব্যক্তিগত বিমানেৰে যোৱা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমানখন দুৰ্ঘটনাত পতিত হৈছে। অৱতৰণৰ সময়ত বাৰামতীত সংঘটিত এই বিমান দুৰ্ঘটনাত বিমানখনৰ সকলো যাত্ৰীৰ মৃত্যু হয়। সেইসকলৰ ভিতৰত আছিল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী পাৱাৰো। বাৰামতীৰ পাৱাৰৰ নিজা সমষ্টি আছিল। জিলা পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ পুৱাই তেওঁ মুম্বাইৰ পৰা এই বিমান যাত্ৰা কৰিছিল। পুৱা ৮ বাজি ৪৫ মিনিটত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/whatsapp-image-2026-01-28-11-26-01.jpeg)
বিমান আৰু হেলিকপ্টাৰ দুৰ্ঘটনাত বহু নেতাই প্ৰাণ হেৰুৱাইছে। ১৯৭৩ চনত ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনা হৈ মৃত্যু হৈছিল মোহন কুমাৰা মংগলমৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/whatsapp-imag-2026-01-28-11-16-59.jpeg)
ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ মৃত্যু হৈছিল বিমান দুৰ্ঘটনাতে। সেয়া আছিল ১৯৮০ চনৰ কথা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/whatsapp-image-2026-01-28-11-17-32.jpeg)
মাধৱ ৰাও সিন্ধিয়া এখন ব্যক্তিগত বিমান দুৰ্ঘটনাত ৬ সতীৰ্থৰ সৈতে মৃত্যু হৈছিল ২০০১ চনত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/whatsapp-image-20-2026-01-28-11-18-12.jpeg)
লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি.এম.চি. বালযোগীয়ে ২০০২ চনৰ ৩ মাৰ্চত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/whatsapp-image-20-2026-01-28-11-23-18.jpeg)
২০০৯ ৰ ২ ছেপ্তেম্বৰ অন্ধপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডীক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হৈছিল। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৰেড্ডীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/image-55-2026-01-28-11-24-41.png)
অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জি খান্ডু ২০১১ চনত আন এক হেলিকপ্টাৰ দপৰ্ঘটনাত মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন দুৰ্গম পাহাৰীয়া অঞ্চলত ভূপতিত হোৱাৰ বাবে ইয়াৰ সন্ধানত কেইবাদিন ধৰি উদ্ধাৰ অভিযান চলাব লগা হৈছিল।
/asomiyapratidin/media/post_attachments/65de5967-a7f.jpg)
২০২৫ৰ ১২ জুনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল।
/asomiyapratidin/media/post_attachments/2f3beb6d-ae4.jpg)
তাৰ পাছত ২০২৬ ত আহিল এই দুখবৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us