/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
অৰ্থনীতিয়ে গঢ়ে সমাজৰ ভেটি আৰু ৰাজনীতি হ'ল তাৰ উপৰিসৌধ। আনহাতে সভ্যতাৰ আধুনিক অৰ্থনৈতিক বিকাশৰ সাৰথি হ'ল মুদ্ৰা ব্যৱস্থা। মুদ্ৰাৰ প্ৰচলন যদিও প্ৰচীন যুগৰ পৰাই আছে কিন্তু আধুনিক যুগত তাৰ ভূমিকা হৈ পৰিল সমাজৰ ভাগ্য নিয়ন্তা স্বৰূপ। আদান-প্ৰদানৰ অৰ্থনীতিৰে চলা সমাজ জীৱন মুদ্ৰা অৰ্থনীতিৰে চলা সমাজ জীৱনলৈ ৰূপান্তৰিত হোৱাৰ প্ৰক্ৰিয়াই জনজাতীয় আৰু সামন্তীয় ব্যৱস্থাৰ পৰা আধুনিক ব্যৱস্থালৈ সমাজে সভ্যতাৰ খটখটীত মৰা প্ৰধান উল্লম্ফনকেইটাৰ এটা।
আধুনিক মুদ্ৰা ব্যৱস্থাৰ স্নায়ুতন্ত্ৰ হ'ল বেংক ব্যৱস্থা আৰু প্ৰতিখন আধুনিক ৰাষ্ট্ৰৰ মুদ্ৰা ব্যৱস্থাৰ মুল স্নায়ুকেন্দ্ৰ হ'ল প্ৰধান ৰাষ্ট্ৰীয় বেংকটো। ভাৰতত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া দেশৰ মুদ্ৰা ব্যৱস্থাৰ সেই মূল স্নায়ুকেন্দ্ৰটো। সাম্প্ৰতিক কালত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত ভূতে লম্ভিছে। কিছুমাহ পূৰ্বে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনে পদত্যাগ কৰিছিল। তাৰ পিচৰগৰাকী গৱৰ্নৰ উৰ্জিৎ পেটেলেও অৱশেষত পৰহি পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰিল।
কথা হ'ল- ৰাষ্ট্ৰৰ মুদ্ৰা ব্যৱস্থাৰ মূল স্নায়ুকেন্দ্ৰৰ প্ৰধান পৰিচালকে ইজনৰ পিচত সিজনকৈ পদত্যাগ কৰাটো অতি ভয়ানক কথা। দেশৰ সাধাৰণ ৰাইজে বেংক ব্যৱস্থাৰ আও-ভাও বিশেষ নাপায়। কাৰণ সেই আও-ভাওবোৰ অতি জটিল। তদুপৰি বেছিভাগ সাধাৰণ ৰাইজৰেই বেংকৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক অতি কম, অথৱা নায়েই। সেয়ে বেংক ব্যৱস্থাক লৈ উদ্ভৱ হোৱা সংকটৰ কথা উঠিলে তেওঁলোকে মনোযোগ নিদিয়ে। অসচেতনতাৰ বাবে।
কিন্তু ইয়াতকৈ ভয়ংকৰ সংকট এখন আধুনিক ৰাষ্ট্ৰত আৰু নাই। কাৰণ বেংক ব্যৱস্থাত মহা সংকটে দেখা দিয়া মানে ৰাতিৰ ভিতৰতে বজাৰ বন্ধ হোৱাৰ মহা বিপদে দেখা দিয়া। যাৰ যি পইচা বেংকত জমা আছে সেইবোৰ অসুৰক্ষিত হৈ পৰাৰ বিপদে দেখা দিয়া। দৰমহা-পেঞ্চন আদিৰ ধন পোৱাত অনিশ্চয়তাই দেখা দিয়া। ই কেনে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব তাক সাধাৰণ ৰাইজে বুজিলেহে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ উৰ্জিৎ পেটেলে আৰু তাৰ আগতে ৰঘুৰাম ৰাজনে পদত্যাগ কৰাটো কিমান গুৰুত্ব দিবলগীয়া কথা তাক অনুধাৱন কৰিব পাৰিব।
মনত ৰখা উচিত ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ দেশৰ সৰ্ব্বোচ্ছ পদ কেইটাৰ এটা। এলা-পেচা ব্যক্তিক সেই পদত নিযুক্তি চৰকাৰে নিদিয়ে। খ্যাতনামা অৰ্থনীতিবিদকহে দিয়ে। সামান্য কথাত ইমান গুৰুত্বপূৰ্ণ তথা সন্মানীয় পদৰ পৰা কোনেও পদত্যাগ নকৰে। ভীষণ সংঘাতৰ সৃষ্টি হ'লেহে সেইটো ঘটে। ৰঘুৰাম ৰাজন আৰু উৰ্জিৎ পেটেল- দুয়োগৰাকীক মোডী চৰকাৰে বিশেষভাৱে নিৰ্বাচন কৰি সেই আসনত বহুৱাইছিল।
ৰাজনৰ দিনত পেটেল আছিল সহকাৰী গৱৰ্নৰ। ৰাজনৰ পিছত কিছু সংশয়েৰে গৱৰ্নৰ হৈছিল। দুয়োগৰাকীয়ে ইজনৰ পিছত সিজনকৈ পদত্যাগ কৰিলে- প্ৰতিবাদ কৰি। তেওঁলোকক গৱৰ্নৰ পতা মোডী চৰকাৰৰ অৰ্থনৈতিক হঠকাৰিতাৰ বিৰুদ্ধে এই প্ৰতিবাদ। ৰাজনে বিমুদ্ৰাকৰণ সমৰ্থন কৰা নাছিল। ই দেশৰ অৰ্থনীতিত ভীষণ খেলিমেলি লগাব বুলি চৰকাৰক সকীয়াইছিল। জি এছ টিয়েও বিপদ ঘটাব পৰাৰ কথা কৈছিল। চৰকাৰে নুশুনিলে।
বিমুদ্ৰাকৰণে কৃষক সমাজক, ক্ষুদ্ৰ ব্যৱসায়ীক আৰু সাধাৰণ ক্ৰেতাক মাধমাৰ শোধালে। লাভ হ'ল মাথোন মোডী চৰকাৰৰ ঘনিষ্ঠ কেইজনমান অতি বৃহৎ পুঁজিপতি আৰু বিজেপি দলৰ এচাম নেতা-নেত্ৰীৰ। ৰাজনে প্ৰতিবাদ কৰি পদত্যাগ কৰিলে। এইবাৰ আহিল উৰ্জিৎ পেটেলৰ পাল।
আগত লোকসভা নিৰ্বাচনলৈ বেছি দিন নাই। ব্যক্তিগতকৰণৰ অবিসম্বাদী সেৱক বিজেপি চৰকাৰে জনহিতকৰ দিশলৈ এই চাৰে চাৰি বছৰে পিঠি দি আহিছে। ফলত দেশৰ সাধাৰণ ৰাইজ অতি বিক্ষুদ্ধ হৈ পৰিছে। তাৰ প্ৰতিফলন সদ্যঘোষিত পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলবোৰতে ওলাই পৰিছে। বিক্ষুব্ধ ৰাইজক নিৰ্বাচনী ললিপপ দিবলৈ বিজেপি চৰকাৰক বিশাল পৰিমাণৰ ধন লাগে।
সেয়ে ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতাক ভংগ কৰি সেই বেংকত ৰাষ্ট্ৰৰ অৰ্থনৈতিক সুৰক্ষাৰ বাবে জমা থকা বিশাল পৰিমাণৰ ধন বিজেপি চৰকাৰে উলিয়াই আনি নিৰ্বাচনী জনপ্ৰিয়তা অৰ্জনৰ চৰকাৰী আঁচনিত ব্যৱহাৰ কৰিব খুজিছে। ই অতি গৰ্হিত তথা ভয়ংকৰ প্ৰচেষ্টা। কাৰণ ইটোৰ পিছত সিটো দলে চৰকাৰ গঠন কৰিব, কিন্তু ৰিজাৰ্ভ বেংক একেদৰেই চলি থাকিব লাগিব। নহ'লে দেশ ডুবিব।
কাৰণ শাসক দলৰ পতন মানেই ৰিজাৰ্ভ বেংকৰ পতন নহয়। মোডী চৰকাৰ তথা বিজেপি ক্ষমতাৰ বাবে ইমানেই বলিয়া হৈ পৰিছে যে ৰাম মন্দিৰ নিৰ্মাণৰ দৰে জন ঐক্যবিৰোধী নীতিক উৎসাহ দি দেশীয় সমাজ থনবান কৰাৰ লগতেই ৰিজাৰ্ভ বেংকত সঞ্চিত ধনলৈকো পাৰ্টিৰ স্বাৰ্থ পূৰণৰ বাবে হাত মেলিছে।
অৱশ্যে মোডী চৰকাৰৰ মিথ্যাচাৰ আৰু গণ স্বাৰ্থবিৰোধী ক্ষমতাসৰ্বস্বতা কেনেকৈ উদং হৈ আহিছে সেইটো সদ্যঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিৰ পাখি ভঙাটোৱে উদঙাই দিছে। বিজেপিৰ বিকল্প দুৰ্নীতিপৰায়ণ কংগ্ৰেছ নহৈ আন কোনো শক্তি হোৱা হ'লে বিজেপিৰ বাবে বিপৰ্যয় যে অধিক মাৰাত্মক হ'লহেঁতেন তাক তেলেংগানা আৰু মিজোৰামত ওলাই পৰিছে। অসমৰ নাগৰিক সমাজৰ বাবে বিষয়টো অতি গুৰুত্বপূৰ্ণ। দেশত চলি থকা ৰাজনৈতিক ধুমুহাৰ গতি-প্ৰকৃতি অসমৰ জনসাধাৰণেও অনুধাৱন কৰা উচিত।