/asomiyapratidin/media/media_files/2025/10/21/ujjjdd-2025-10-21-11-15-40.jpg)
ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ আজি আৰক্ষীৰ স্মৃতি দিৱস। ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছত অস্ত্ৰধাৰী চীনা সৈন্যৰ আক্ৰমণত ১০জন সাহসী আৰক্ষীয়ে প্ৰাণ আহুতি দিছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে ২১ অক্টোবৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়। সমগ্ৰ দেশজুৰি আৰক্ষীয়ে আৰক্ষীৰ স্মৃতি দিৱস পালন কৰে।
দেশ তথা ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো আজি আৰক্ষীৰ স্মৃতি দিৱস পালন কৰা হয়। হাটশিঙিমাৰীস্থিত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত পালন কৰা এই আৰক্ষী স্মৃতি দিৱসত কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবী, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাৱ দাস, ডিএছপি চন্দ্ৰ কান্ত কলিতা আৰু ডিএছপি ইছলাম উদ্দিনৰ লগতে জিলা আৰক্ষীৰ কনিষ্টবল সকল উপস্থিত থাকে।
যোৱা বছৰৰ পৰা এতিয়ালৈ দেশৰ বাবে প্ৰাণ আহুতি দিয়া ১৯১ গৰাকী বীৰ শ্বদীদ সকলক আজিৰ আৰক্ষী স্মৃতি দিৱসত স্মৰণ কৰা হয়। এই উপলক্ষে শ্বহীদ বেদীত বীৰ শ্বহীদ সকলক শ্ৰদ্ধা আৰু প্ৰণাম জনাই আৰক্ষীৰ স্মৃতী দিৱস কাৰ্যসূচী পালন কৰা হয়। হাটশিঙিমাৰীত জিলা জেষ্ঠ্য আৰক্ষী অধীক্ষক হৰেন টকবী আৰক্ষীৰ স্মৃতি দিৱস সম্পৰ্কে চমূ ভাষণ প্ৰদান কৰি কাৰ্যসূচীৰ সামৰণি পেলায়।