/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3850f2f8-e5f7-4f21-a90a-a8a680281db8/TEBLET.jpg)
CACHAR
ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ মঙলবাৰে গোপন তথ্যৰ ভিত্তিত মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী চুম' বাহনত অভিযান চলাই প্ৰায় ৪ লাখ য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে ৷
ধলাইত চলোৱা এই ড্ৰাগছ বিৰোধী অভিযানত চুম' খনৰ গোপন চেম্বাৰত লুকুৱাই মিজোৰামৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰাগছ ব্যৱসায়ী চক্ৰটোৱে ৷
অন্যহাতে বুজন পৰিমানৰ নিচা জাতীয় টেবলেটখিনি উদ্ধাৰ হোৱাৰ পিচত ধলাইত উপস্থিত হয় আৰক্ষী অধীক্ষক নোমাল মাহাতো সহ আৰক্ষীৰ শীৰ্ষ বিষয়া সকল।বৰ্তমানলৈ জব্দ হোৱা টেবলটৰ পৰিমান ৪ লাখ বুলি সদৰী কৰিছে আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে ৷ আৰক্ষী বিষয়া জনৰ মতে, জব্দ কৰা টেবলেটখিনিৰ মূল্য প্ৰায় ২০০ কোটি টকা ৷
ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে চুম' খনৰ চালক হেণ্ডিমেন, এগৰাকী মহিলা সহ মুঠ ৬ জন লোকক আটক কৰিছে ৷ এতিয়ালৈকে কাছাৰ জিলাত উদ্ধাৰ হোৱা সৰ্বাধিক পৰিমাণৰ টেবলেট খিনি সম্পৰ্কে বিতং তথ্য বাহিৰ কৰিবলৈ আৰক্ষীয়ে ধৃত লোক কেইজনক জেৰা অব্যাহত ৰাখিছে ৷