মোৰাঝাৰত জাল নোট সহ ৫ জনক আটক...

দলটোৰ পৰা পাঁচশ টকীয়া নোটৰ ছয় লাখ আশী হেজাৰ টকা আৰু চাৰিটা ম'বাইল ফোন উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
মোৰাঝাৰত জাল নোট সহ ৫ জনক আটক...

Fake money

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ দেৱস্থানত বৃহস্পতিবাৰে নিশা মোৰাঝাৰ আৰু দেৱস্থান আৰক্ষীয়ে যৌথ অভিযান চলাই পাঁচজন জাল নোটৰ ব্যৱসায়ীক হাতে-লোটে আটক কৰাৰ লগতে জাল নোট উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাত।

Advertisment

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেৱস্থানত দুটা পক্ষৰ মাজত জালনোট আদান প্ৰদান হ'ব বুলি এক গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে। খবৰৰ ভিত্তিত যোৱা নিশা মোৰাঝাৰ আৰু দেৱস্থান আৰক্ষীয়ে অতৰ্কিতে সম্ভাৱ্য স্থানত অভিযান চলাই ব্যাৱসায়ী পাঁচজনক জালনোটৰ সৈতে হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।

দলটোৰ পৰা পাঁচশ টকীয়া নোটৰ ৬ লাখ ৮০ হেজাৰ টকা আৰু চাৰিটা ম'বাইল ফোন উদ্ধাৰ কৰে আৰক্ষীৰ দলে । বৃহৎ দলটোৰ পাঁচজনক আৰক্ষীয়ে আটক কৰিলেও এন্ধাৰৰ সুযোগ লৈ আন কেইবাজনো পলাই যাবলৈ সক্ষম হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

আটক কৰা জালনোট ব্যৱসায়ী কেইজন হৈছে আব্দুল কৰিম , বাসু আলী, কুদ্দুছ আলী, চিচেন্দূ আৰু ছালেহ আহমেদ ওৰফে নাজু ।

ধৃত ব্যাৱসায়ী কেইজনৰ ঘৰ ডবকাত বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত জোৰদাৰ কৰি তুলিছে আৰু অতি শীঘ্ৰে জাল নোট ব্যৱসায়ত জড়িত আন বহু কেইজন আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

ইপিনে আৰক্ষীয়ে আটক কৰা ছালেহ আহমেদ ওৰফে নাজু এটা ভুৱা ফেচবুক সাংবাদিক আৰু আৰক্ষীৰ অভিযান ব্যৰ্থ কৰিবলৈ ষড়যন্ত্ৰ চলোৱা বুলি আৰক্ষীয়ে অভিযোগ উত্থাপণ কৰিছে।

assam Assam police