
ডিজিটেল সংবাদ , শিলচৰঃ মিজোৰামৰ পৰা বৰাক উপত্যকালৈ চোৰাং ভাৱে সামগ্ৰী সৰবৰাহ কৰাৰ সময়ত কাছাৰত আৰক্ষীৰ এটা দলে বুজন পৰিমাণৰ বাৰ্মিজ চিগাৰেট জব্দ কৰে ৷ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ধলাই আৰক্ষীয়ে জব্দ কৰে ৩০ কাৰ্টুন বিদেশী চিগাৰেট ৷
এ এছ ১১ চি চি ৭৭২৪ নম্বৰৰ অল্টো আৰু এ এছ ১১ কিউ ২০০৬ নম্বৰৰ চাৰিচকীয়া বাহন খনত অভিযান চলাই জব্দ কৰা হয় ৩০ কাৰ্টুন চিগাৰেট ।
আৰক্ষীৰ ভাষ্য অনুসৰি জব্দ কৰা চিগাৰেট খিনিৰ মূল্য ১০ লাখ টকা হ'ব বুলি সদৰী কৰিছে । চিগাৰেটৰ সৈতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ধৃত লোক দুজন শিলচৰ ৰংপুৰৰ চাহিল আহমেদ মজুমদাৰ আৰু ধলাই ভাগাবাজাৰৰ কাইমুল হক লস্কৰ ৷ উক্ত দুয়ো গৰাকী সৰবৰাহকাৰীক ধলাই থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷