/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/gy-78.jpg)
ডিজিটেল সংবাদ, গোৱালপাৰাঃ শুকুৰবাৰে সন্ধিয়া চাৰে আঠমান বজাত আগিয়া থানাৰ অন্তৰ্গত টুকুৰাত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘটিত হৈছে এক মুখামুখি সংঘৰ্ষ। আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘটিত এই গুলিয়াগুলীত নিতিজনকৈ দুধৰ্ষ ডকাইত আৰক্ষীৰ গুৰিত থকাসৰকা হৈ নিহত হৈছে। নিহতসকলৰ এজনক গোৱালপাৰা চহৰৰ উপকণ্ঠ গোবিন্দপুৰ চালাৰ শ্বাহজাহান আলী আৰু আন দুজনৰ এজনক গোৱালপাৰা ধোপতোলাৰ নজৰুল হক আৰু চুজন আলী বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে,নিহত ডকাইতৰ দলটোৱে এ এছ ১৮ এ চি ১১৮২ নম্বৰৰ এখন পিক আপ ভান এখনেৰে এ এছ ১৭ বি ৯০৪৭ নম্বৰৰ চুপাৰী ভৰ্তি পিক আপ ভানখন এখন সন্ধিয়া ডকাইতি কৰিবলৈ পৰিকল্পনা কৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অনুসৰণ কৰে। এই খবৰ লাভ কৰে আগিয়া আৰক্ষীয়ে। আৰক্ষীয়ে খবৰ পোৱাৰ পিচতে ডকাইতৰ দলৰ সন্ধানত নামি পৰে আৰক্ষীৰ এটি দল। এনেতে আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণাইৰ টুকুৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ডকাইতৰ দলৰ ভানখন সন্দেহজনক অৱস্থাত পথৰ দাঁতিত ৰৈ থকা প্ৰত্যক্ষ কৰে। আৰক্ষীৰ দলে সন্দেজনক ভানখন পৰীক্ষা কৰিবলৈ লওতেই ডকাইতৰ দলটোৱে আৰক্ষীৰ দলক লক্ষ্য কৰি গুলি চলায়। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলি চলোৱাত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়।
ক্লিক কৰি পঢ়কঃ চৰাইদেউত চুকাফা বিশ্ববিদ্যালয়, প্ৰতিমূৰ্ত্তি স্থাপনৰ দাবী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ…
ফলত ভানখনত থকা তিনিজনকৈ দুধৰ্ষ ডকাইত আৰক্ষীৰ গুলিত থকাসৰকা হয়।আৰক্ষীৰ গুলিত থকাসৰকা হোৱা তিনিজন ডকাইতক তততালিকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।চিকিৎসকে তিনিওজনকে মৃত ঘোষণা কৰাত মৃতদেহকেইটা সম্প্ৰতি চিকিৎসালয়ৰ মৰ্গত ৰাখিছে।ডকাইতৰ দলটোৰ পৰা এটি পিষ্টল,তিনিটা ম'বাইল আৰু কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে।
উল্লেখযোগ্য যে, পৰহি গোৱালপাৰা আৰক্ষীৰ গুলিত আহত হৈছিল ৰিংকু নামৰ এগৰাকী ডকাইত।নিহত ডকাইতৰ দলটো এই একেটা ডকাইতৰ দলৰ বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই সদৰি কৰি কয়,নিহত ডকাইতৰ দলটো ডকাইতিকে ধৰি হত্যা,অপহৰণ,ধনদাবী আদিকে ধৰি বিভিন্ন অপৰাধৰ স'তে জড়িত আছিল।তদুপৰি নিহত ডকাইতৰ দলটোৰ বিৰুদ্ধে সাতটামান গোচৰো ৰুজু কৰা আছে।