Advertisment

মানকাচৰত পত্নীৰ প্ৰাণ লোৱা আব্দুল ছবুৰ শেখক লৈ সংবাদমেল আৰক্ষীৰ..

ঘটনাৰ অধিক তদন্তৰ বাবে প্ৰথমে ৫ দিনৰ জিম্মাত লোৱাৰ পাছত আজি পুনৰ ৪ দিনৰ জিম্মাত লয় আৰক্ষীয়ে । ঘটনাক লৈ জিলা আৰক্ষী অধীক্ষক প্ৰতাব দাসে আজি এক সংবাদমেল সম্বোধন কৰে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰত ২২ নৱেম্বৰৰ পৰা সন্ধানহীন আছিল মাজিদা বেগম নামৰ ৩৯ বছৰীয়া এগৰাকী মহিলা । ২ দিন ধৰি সন্ধান নোপোৱাত পৰিয়ালে ২৪ নৱেম্বৰত খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল । এজাহাৰৰ ভিত্তিত খাৰুৱাবান্ধা আৰক্ষীয়ে আৰম্ভ কৰে অনুসন্ধান।

Advertisment

মহিলা গৰাকীৰ দ্বিতীয় স্বামী আব্দুল ছবুৰ শেখৰ সৈতে অন্তিম বাৰৰ বাবে অসম মেঘালয় সীমান্তবৰ্তী বটেৰ তল বজাৰত দেখা গৈছিল দুয়োকে । এই খবৰৰ আঁত ধৰি খাৰুৱাবান্ধা আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলায় ।

উল্লেখযোগ্য যে দ্বিতীয় স্বামী চুবুৰক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ অন্তত আৰক্ষীৰ ওচৰত হত্যাৰ স্বীকাৰোক্তি দিয়ে দ্বিতীয় স্বামী চবুৰে ।

পৰিকল্পিত ভাৱে পকেটত লোৱা ৰচীৰে হাত বান্ধি, ডিঙি ৰেপি চুবুৰে হত্যা কৰে পত্নী মাজিদাক । দিনৰ পোহৰতে ব্ৰহ্মপুত্ৰত পেলাই দিয়া বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে হত্যাকাৰী চবুৰে । ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা চবুৰক আৰক্ষীয়ে আদালতত হাজিৰ কৰিছে । লগতে বাংলাদেশত উটি যোৱা মৃতদেহ বিচাৰি খাৰুৱাবান্ধা আৰক্ষীয়ে চলাইছে অনুসন্ধান

ঘটনাৰ অধিক তদন্তৰ বাবে প্ৰথমে ৫ দিনৰ জিম্মাত লোৱাৰ পাছত আজি পুনৰ ৪ দিনৰ জিম্মাত লয় আৰক্ষীয়ে । ঘটনাক লৈ জিলা আৰক্ষী অধীক্ষক প্ৰতাব দাসে আজি এক সংবাদমেল সম্বোধন কৰে ।

মানকাচৰ