/asomiyapratidin/media/media_files/2025/10/15/bdsgsdfsad-2025-10-15-19-31-18.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ বিতৰ্কিত আৰক্ষী বিষয়া ললিত কাকতিক অৱশেষত ৰিজাৰ্ভ ক্লজ কৰিলে লখিমপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে। ঢকুৱাখনা সদৰ থানাত যোগদান কৰিয়ে অচি প্ৰিয়ব্ৰত গগৈৰ প্ৰিয়ভাজন হৈ জনজীৱন বিপৰ্যস্ত কৰি তুলিছিল সহকাৰী উপ পৰিদৰ্শক ললিত কাকতিয়ে।
অভিয়োগ অনুসৰি অচি গৰাকীৰ আশীর্ষধন্য হৈ সীমাহীন নীতি বৰ্হিভূত কাৰ্য সংঘটিত কৰি, অসম আৰক্ষী বেটেলিয়ানৰ জোৱানক লগত লৈ নিৰীহৰ ওপৰত হকে বিহকে শাৰীৰিক মানসিক নিৰ্যাতন চলাই দৌৰাত্ম্য চলাই যোৱা এইজন আৰক্ষীক অৱশেষত লেকাম লগালে আৰক্ষী অধীক্ষকে।
শেহতীয়াভাবে, এইজন উন্মত্ত আৰক্ষী বিষয়াই লক্ষ্মী পূজাৰ নিশা জামুগুৰি তিনিআলিৰ এখন দোকানৰ ভিতৰত বলপূৰ্বক সোমাই এজন যুৱকক আটক কৰি থানাৰ লক আপত ভৰাই অকথ্য শাৰীৰিক নিৰ্যাতন চলাইছিল। উন্মত্ত ৰূপ লৈ লকআপত পূৰ্বৰে পৰা ভৰাই থোৱা বাঁহপৰা গাঁওৰ অন্য এজন যুৱককো গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি জখম কৰিছিল। কেৱল সেয়ে নহয়, অচি গৰাকীৰ জ্ঞাত সাৰেই দুয়ো আহত যুৱকক হাতত হেণ্ড কাফ লগাই মাজনিশা স্বাস্থ্য পৰীক্ষা কৰিবলৈ নি "একো অসুবিধা পোৱা নাই " বুলি চিকিৎসকক মিছা মাতিবলৈ ভয় ভাবুকি দিছিল বুলি অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে, ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়ানৰ কৰ্তব্যৰত জোৱানেও শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ সম্বলিত বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল" ত প্ৰকাশ হৈছিল। এক প্ৰকাৰৰ নৈৰাজ্যতাই গ্ৰাস কৰা ঢকুৱাখনা থানাৰ উলংগ স্বৰূপ প্ৰকট কৰি দিয়া এই অমানৱীয় ঘটনাৰ বাতৰি প্ৰকাশৰ পাছতেই জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকাই তাৎক্ষণিকভাৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে।
জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ে বিতৰ্কিত বিষয়া কাকতিক "ৰিজাৰ্ভ ক্লজ" কৰাৰ লগতে এক তদন্তৰ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে, ঢকুৱাখনা সদৰ থানাত একাংশ দালাল প্ৰকৃতিৰ ব্যক্তিৰ প্ৰয়োভৰ ঘটা, গোচৰ মীমাংসা আৰু আপোচ কৰাৰ নামত এই মধ্যভোগীৰ জৰিয়তে নির্লজ বেহা মেলা, দিনে নিশাই থানা আৰু শীর্ষ আৰক্ষী বিষয়াৰ কোঠা এচাম সুবিধাবাদীৰ আশ্ৰয়স্থল হোৱা আদি বিভিন্ন দৃষ্টিকটু কাণ্ড প্ৰত্যক্ষ কৰি আহিছে সাধাৰণ নাগৰিকে।
তাৰোপৰি চৰকাৰী বাহন বেচৰকাৰী ব্যক্তিয়ে চলাই থানাখনৰ চৰকাৰী সম্পত্তিক পৈত্রিক সম্পত্তি হিচাবে গণ্য কৰি অহা ৰাজহুৱা অভিযোগ সম্বলিত অভিযোগ অসম আৰক্ষীৰ শীর্ষ আমোলালৈ প্ৰেৰণ কৰা হৈছিল। অচি গৰাকীৰ অদক্ষ পৰিচালনাৰ বাবেই গনবিচ্ছিন্ন হোৱাৰ দিশে ধাবিত হোৱা ঐতিহ্যমণ্ডিত থানাখনৰ হৃত গৰিমা পুনৰ উদ্ধাৰ কৰাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে ঢকুৱাখনাবাসী ৰাইজে। স্মৰ্তব্য যে, উক্ত দিনা বিতৰ্কিত আৰক্ষী বিষয়াজনৰ গাড়ী চলাই নিৰ্য্যাতনৰ সংগী হোৱা বেটেলিয়ান জোৱানৰ ওপৰত অদ্যপি কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।