মৈৰাবাৰীত অবৈধ সুৰা বিক্ৰেতাক গ্ৰেপ্তাৰ...

গ্ৰেপ্তাৰ কৰাৰ লগতে ঘৰত তালাচী চলাই আৰক্ষীয়ে ৫৪ টা মদৰ বটল জব্দ কৰে

author-image
Asomiya Pratidin
New Update
মৈৰাবাৰীত অবৈধ সুৰা বিক্ৰেতাক গ্ৰেপ্তাৰ...

Illegal liquor traders

ডিজিটেল সংবাদ, মৈৰাবাৰীঃ মৈৰাবাৰী থানাৰ অন্তৰ্গত মৈৰাবাৰী গাৰেহেৰা জামে মছজিদৰ কাষতে অৱস্থিত তাঁতীকটা গাঁৱত শুকুৰবাৰে নিশা মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাৰ এটা দলে মৈৰাবাৰী আৰক্ষীৰ সহযোগত অভিযান চলাই এজন অবৈধ সুৰা বিক্রেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মৈৰাবাৰীৰ একে ঠাইৰ পৰাই মজিবুৰ ৰহমান নামৰ ব্যক্তি জনক অবৈধ সুৰা বিক্ৰীৰ অপৰাধত আৰক্ষীয়ে হাতে লোটে কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।

অসমৰ বৃহৎ মৈৰাবাৰী গাৰেহেৰা মছজিদৰ লগতে কেইবাখনো বিদ্যালয়ৰ নিচেই ওচৰত এনেদৰে অবৈধ ভাৱে সুৰা বিক্ৰী কৰি অহাত বহু সময়ত বিভিন্ন দল সংগঠনেও সময়ে সময়ে অভিযোগ কৰিছিল যদিও আৰক্ষীৰ চকুত ধূলি দি বিছোনি নামেৰে খ্যাত মহিলা গৰাকীৰ ছত্ৰছায়াত সঞ্জয় ছাহানি নামৰ যুৱক জনে অঞ্চলটোত চলাই আছিল অবৈধ মদৰ ব্যৱসায়।সঞ্জয় ছাহানিক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘৰত তালাচী চলাই আৰক্ষীয়ে ৫৪ টা মদৰ বটল জব্দ কৰে।

তথ্য অনুসৰি সঞ্জয় ছাহানিক আৰক্ষীয়ে পূৰ্বেও গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল যদিও জেলৰ পৰা জামিন লাভ কৰি আহি আকৌ একেটা ব্যৱসায়তে হাতত দিয়ে।

Assam police