কাছাৰত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাকসহ সৰবৰাহকাৰী আটক...

ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে জব্দ কৰে

author-image
Asomiya Pratidin
New Update
কাছাৰত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাকসহ সৰবৰাহকাৰী আটক...

Supari supplier

ডিজিটেল সংবাদ, শিলচৰঃ অবৈধ বাৰ্মিজ চুপাৰি সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহন কৰাৰ পাছতো একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে অবৈধ সামগ্ৰীৰ বেহা। কাছাৰত আৰক্ষীয়ে পুনৰ বাৰ্মিজ চুপাৰি জব্দ কৰে।

Advertisment

প্ৰায়বোৰ আৰক্ষী নিশা দুৰ্গা পূজাৰ বাবে কৰ্তব্যত ব্যস্ত থকাৰ সুযোগ লৈ চোৰাং ব্যৱসায়ীয়ে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰাৰ সময়তে কাছাৰৰ ধলাইত আৰক্ষীয়ে জব্দ কৰে ২ খন চুপাৰি ভৰ্তি ট্ৰাক ৷ উল্লেখ্য যে, মিজোৰামৰ পৰা শিলচৰ অভিমুখী চুপাৰী ভৰ্তি ট্ৰাকত অভিযান চলাই দেওবাৰে ৰাতিপুৱা আৰক্ষীয়ে জব্দ কৰে চুপাৰী সহ ট্ৰাক দুখন ৷

Supari supplier CACHAR
Supari supplier CACHAR

গোপন তথ্যৰ ভিত্তিত ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে জব্দ কৰে AS 11 DC 8606 নম্বৰৰ বলেৰো আৰু AS 26 C 9244 নম্বৰৰ ট্ৰাক দুখন ৷ উক্ত বাহন দুখনৰ পৰা মুঠ ৩৩৫ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে আৰক্ষীয়ে ৷

চুপাৰিৰ লগতে ৩ জন সৰবৰাহকাৰীক ক্আৰক্ষীয়ে আটক ৷ ধৃত সৰবৰাহকাৰী কেইজন হাইলাকান্দি জিলাৰ আলগাপুৰৰ চেবুল উদ্দিন চৌধুৰী আৰু আলি আহমেদ লস্কৰৰ লগতে আন জন শিলচৰ মেহেৰপুৰৰৰ মান্না দাস বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

Assam police cachar