/asomiyapratidin/media/media_files/2025/08/28/xcxcxcxcxc-2025-08-28-21-03-38.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষীয়ে পুনৰ বৃহৎ বাইক চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে বিশেষ অভিযানত চুৰি কৰা ৬খন বাইকসহ ৬টাকৈ চোৰক আটক কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/28/capturezzzzzzz-2025-08-28-21-14-09.jpg)
ধৃত চোৰকেইটা হ’ল – বিলাসীপাৰাৰ হাসিনুৰ ইছলাম, গোফাৰ আলী আৰু মজমুল হক; বন্দিহানাৰ মাজেৰ অলগাৰ বাবুৰ আলী; গৌৰীপুৰৰ দেৱোত্তৰ ৰায়পুৰৰ মোছা আলী আৰু বন্দিহানাৰ ডিমাতোলাৰ শ্বাহ আলম।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/28/capturedfssdsdsd-2025-08-28-21-14-29.jpg)
উল্লেখযোগ্য যে, বিগত দেওবাৰেও বগৰীবাৰী আৰক্ষীয়ে বিশেষ অভিযানত ৭খন চুৰি কৰা বাইকসহ ৯ জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। সেই অনুসৰি মাত্ৰ কেইদিনৰ ভিতৰতে আকৌ এবাৰ বৃহৎ বাইক চুৰি চক্ৰ উৎখাত হোৱাত অঞ্চলটোৰ লোকৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ধৃত চোৰকেইটাৰ পৰা অধিক তথ্য উদ্ধাৰ কৰিবলৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us