আফ্ৰিন হোটেলত আৰক্ষীৰ অভিযানঃ কৰ্মচাৰী সহ ৩ অনলাইন জুৱাৰীক গ্ৰেপ্তাৰ

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আফ্ৰিন হোটেলৰ এগৰাকী কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। তিনি জুৱাৰীৰ পৰা আৰক্ষীয়ে বিভিন্ন বেংকৰ কেইবা টাও এটিএম কাৰ্ড, বেংকৰ পাছবুক জব্দ কৰা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ধুবুৰীঃ  আজি এক গোপন সূত্ৰৰ পম খেদি ধুবুৰী আৰক্ষীয়ে চহৰৰ আফ্ৰিন হোটেলৰ পৰা তিনি জন কৈ অনলাইন জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আফ্ৰিন হোটেলৰ এগৰাকী কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।

তিনি জুৱাৰীৰ পৰা আৰক্ষীয়ে বিভিন্ন বেংকৰ কেইবা টাও এটিএম কাৰ্ড, বেংকৰ পাছবুক জব্দ কৰা বুলি জানিব পৰা গৈছে। জানিব মতে জুৱাৰী তিনি জনে কেইবা দিনৰ পৰা উক্ত হোটেলত বাহৰ পাতি অনলাইন জুৱা চলাই গৈছিল। আৰ এছ এন নামৰ এপৰ জৰিয়তে এই অনলাইন জুৱা চলাইছিল।

ইপিনে ধুবুৰীৰ আফ্ৰিন হোটেলত জুৱাৰী তিনিজনে কেইবাদিন ধৰি বাহৰ পাতি আছিল যদিও হোটেল কৰ্তৃপক্ষই জুৱাৰী তিনিজনৰ কোনো তথ্যই ৰেজিষ্টাৰ বহীত লিপিবদ্ধ কৰা নাছিল বুলি অভিযোগ উত্থাপিত হৈছে।

আৰক্ষীয়ে পিচত হোটেল খনৰ ছামাদ নামৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি ধুবুৰী সদৰ থানালৈ লৈ আনে। আনহাতে আজি আৰক্ষীয়ে চহৰ খনৰ আফ্ৰিন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা  তিনি অনলাইন জুৱাৰীক ক্ৰমে দক্ষিণ শালমাৰা অঞ্চলৰ সাহিনুৰ আলি, অহিনুৰ ৰহমান আৰু জব্বাৰ আলি বুলি চিনাক্ত কৰা হৈছে।

ধুবুৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে জুৱাৰী তিনি জনৰ সৈতে হোটেলৰ কৰ্মচাৰী জনকো জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

ধুবুৰী