নকল সোণৰ প্ৰবঞ্চকৰ জালত পৰি লালুকত উপস্থিত জম্মুৰ তিনি ব্যৱসায়ী...

আৰক্ষীয়ে নকল সোণসহ আটক কৰিলে প্ৰবঞ্চক

author-image
Asomiya Pratidin
New Update
নকল সোণৰ প্ৰবঞ্চকৰ জালত পৰি লালুকত উপস্থিত জম্মুৰ তিনি ব্যৱসায়ী...

laluk

ডিজিটেল সংবাদ লালুকঃ লখিমপুৰ জিলাৰ লালুক, বঙালমৰা আৰু নাওবৈচাত পুনৰ সক্ৰিয় হৈ পৰিছে নকল সোণ আৰু জাল নোটৰ ৰমৰমীয়া বেহা ৷ ইতিমধ্যেই লখিমপুৰৰ পৰা গৈ অসমৰ বিভিন্ন প্ৰান্তত চলাই আছে নকল সোন আৰু জাল নোটৰ অবৈধ বেহা ৷

Advertisment

ইতিমধ্যে আৰক্ষীৰ হাতত কৰায়ত্ব হৈছে বঙালমৰা আৰু নাওবৈচাৰ একাংশ লোক৷ আনহাতে আৰক্ষীয়ে বিভিন্ন সময়ত জিলাখনৰ সন্দেহজনক স্থানসমুহৰ অভিযান চলাই মাজে সময়ে বিভিন্ন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে যদিওঁ আজি পুনৰ সংঘটিত হোৱা ঘটনাটোৱে অতি গোপনে পুনৰ দুষ্কাৰ্য চলাই থকাৰ কথা প্ৰতিপন্ন কৰিলে৷

লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকাই জনোৱা মতে পুৱতি নিশা লালুক আৰক্ষীয়ে অভিযান চলাই ৩ নং ধৰ্মপুৰৰ বাবুল ইছলাম নামৰ এটা ঠগ প্ৰৱঞ্চকক আটক কৰাৰ লগতে জম্মু কাশ্মীৰৰ তিনিজনকৈ লোককো আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, বাবুল ইছলামে ফোন নাম্বাৰ সালসলনি কৰি জম্মু কাশ্মীৰৰ তিনিজন লোকক সোণ কম দামত বেছিব বুলি মাতি আনিছিল লালুক থানাৰ অন্তৰ্গত ৩ নং ধৰ্মপুৰলৈ ৷

আনহাতে গোপন সুত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত লালুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নকল সোণৰ তিনিটা মূৰ্তিসহ ঠগ প্ৰবঞ্চক বাবুল ইছলাম আৰু উদ্ধাৰ কৰে জম্মু কাশ্মীৰৰ তিনি ব্যৱসায়ীক৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে ধৃত বাবুল ইছলামে ফোন নম্বৰ সলনি কৰি জম্মুৰ ৰাজকুমাৰ নামৰ এজন লোকক সোণ যোগান ধৰাৰ নামত লালুকলৈ মাতি আনি ৩ নং ধৰ্মপুৰৰ নিজ গৃহত অন্য একাংশ সহযোগীৰ সৈতে আৱদ্ধ কৰি ৰাখিছিল৷

আজি পুৱাৰ ভাগত জম্মু কাশ্মীৰৰ অন্য দুজন ব্যৱসায়ী ক্ৰমে অৰ্চদ শৰ্মা আৰু ৰাচাল চান্দক লালুকৰ পৰা এখন স্কুটিৰে ধৃত বাবুল ইছলামে ৩ নং ধৰ্মপুৰৰ নিজ গৃহলৈ লৈ গৈছিল৷ আনহাতে লালুক আৰক্ষীৰ তহলদাৰী গোটে ৰাষ্ট্ৰীয় ঘাইপথত স্কুটিৰে তিনিজন লোকক দেখি সন্দেহ উপজাত ৰাখিলৈ সোধাপোছা কৰাত প্ৰকৃত সত্য পোহৰলৈ আহে৷

আৰক্ষীয়ে তাৎক্ষণিক ভাৱে বাবুল ইছলামক জেৰা কৰি পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই ৰাজকুমাৰ নামৰ লোকজনক ৩ নং ধৰ্মপুৰত আবদ্ধ অৱস্থাত দেখা পায়৷ আনহাতে আৰক্ষী অহাৰ উমান পায় অন্যান্য সহযোগীসহ বাবুল ইছলামৰ গৃহৰ পৰা পলায়ন কৰে৷

ধৃত বাবুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত বাবুলৰ বাসগৃহৰ পিছফালৰ বয়লাৰ মূৰ্গী পোহা এটা ঘৰৰ পৰা তিনিটা নকল সোণৰ মূৰ্তি লোকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ধৃত বাবুল ইছলামৰ লগতে জম্মু কাশ্মীৰৰ তিনি ব্যৱসায়ীক সোধাপোছা অব্যাহত ৰাখিছে৷

laluk