ডিমা হাচাওত আৰক্ষী আৰু উগ্ৰপন্থীৰ সংঘৰ্ষঃ এজন নিহত

এজন গাড়ী চালকক পিষ্টল দেখুৱাই ধন দাবী কৰাৰ সময়তে এই সংঘৰ্ষ হয়। চালকজনক ধন দাবী কৰি উগ্ৰপন্থীটোৱে দুই জাই গুলিও নিক্ষেপ কৰিছিল।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19

ডিজিটেল সংবাদ,ডিমা হাচাওঃ  সোমবাৰৰ ৰাতি কাছাৰ-ডিমা হাচাও সীমান্তৰ জিনাম ভেলীত হোৱা আৰক্ষী আৰু উগ্ৰপন্থীৰ সংঘৰ্ষত এজন উগ্ৰপন্থীৰ মৃত্যু হয়। নিহত উগ্ৰপন্থীজনৰ বৰআৰকাপ অঞ্চলৰ মোদি মাৰ বুলি চিনাক্ত কৰা হৈছে। 

সীমান্তৱৰ্তী অঞ্চলটোৰ এই সংঘৰ্ষ হৈছিল মাজনিশা। নিহত উগ্ৰপন্থীটো এইচ পি চি (ডি) ৰ সদস্য আছিল বুলি জানিব পৰা গৈছে। এজন গাড়ী চালকক পিষ্টল দেখুৱাই ধন দাবী কৰাৰ সময়তে এই সংঘৰ্ষ হয়। চালকজনক ধন দাবী কৰি উগ্ৰপন্থীটোৱে দুই জাই গুলিও নিক্ষেপ কৰিছিল।

ঘটনাৰ খবৰ পাই ডিমা হাচাও জিলাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। তাৰ পাছতে আৰক্ষীৰ সৈতে সংঘৰ্ষ হয় উগ্ৰপন্থীটোৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ডিমা হাচাও