বাক্সাৰ ঘটনাৰ বাবে আৰক্ষী প্ৰশাসনক জগৰীয়া যুৱ-ছাত্ৰ পৰিষদৰ

হিতেশ দেবশর্মা আৰু তেওঁৰ পুত্র আৰক্ষী বিষয়া গীতার্থ দেৱশর্মা আগৰে পৰাই জুবিন বিদ্বেষী বুলি অসমবাসীয়ে জানে। গতিকে মুখ্যমন্ত্রীয়ে উল্লেখ কৰা তৃতীয় শক্তিত গীতার্থ দেৱশর্মাও জড়িত আছে নেকি...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বাক্সাঃ  মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙুৰ খোৱা শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মাকে ধৰি অভিযুক্ত সকলক ন্যায়িক জিম্মাৰ বাবে বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সময়ত কালি কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগীৰ প্রতিবাদে হিংসাত্মক ৰূপ লোৱা ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

WhatsApp Image 2025-10-16 at 12.45.04 PM

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গুৱাহাটীৰ কেন্দ্রীয় কার্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত পৰিষদৰ কেন্দ্রীয় সমিতিৰ সভাপতি পলাশ চাংমাইয়ে কয় যে মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নাম সাতুৰ খোৱা মুখ্য অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ লগতে আন কেইজনক নিৰাপত্তাৰ স্বাৰ্থত কালি বাক্সা কাৰাগাৰলৈ ন্যায়িক জিম্মাত প্ৰেৰণ কৰাৰ সময়ত বাক্সা কাৰাগাৰৰ সন্মুখত জুবিন গাৰ্গৰ অনুৰাগীয়ে কৰা প্রতিবাদে হিংসাত্মক ৰাপ লয়।

গণতান্ত্রিক প্রতিবাদৰ সময়ত আৰক্ষীয়ে কৰা নির্বিচাৰ লাঠি আৰু গুলিচালনাত ইতিমধ্যে বহু জুবিন অনুৰাগী, বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক গুৰুতৰভাৱে আহত হৈছে। তেনেদবে প্রতিবাদকাৰীৰ প্রত্যাক্ৰমণত কেইবাগৰাকী আৰক্ষীৰ লোকো আহত হৈছে। এই সমগ্র ঘটনাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গভীৰ উদ্বেগ প্রকাশ কৰিছে।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্র দেশজুৰি গণতান্ত্রিকভাবে দাবী উত্থাপন কৰাৰ সময়ত এনে হিংসাত্মক ঘটনাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কৰা আন্দোলনটোক অন্য দিশত লৈ যোৱাৰ আশংকা আছে। বিগত সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো লৈ শাসকীয় দলৰ লগতে বিভিন্ন পক্ষই বাজনীতি কৰা পৰিলক্ষিত হৈছে। এয়া অত্যন্ত দুর্ভাগ্যজনক।

অসমৰ লগতে সমগ্র দেশৰ প্রয়াত শিল্পী গৰাকীৰ অনুৰাগীয়ে সামাজিক মাধ্যমৰ লগতে বিভিন্ন প্রকাৰে ন্যায় বিছাৰি প্ৰবল দাবী উত্থাপন কৰিছে। ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ ন্যায়ব বিষয়টোত জনগণৰ আবেগ অনুভূতি খিনি বুজিবলৈ সমর্থ হোৱা নাই। বিগত সময়ত বাজ্যৰ মুখ্যমন্ত্রী গৰাকীয়েও নানা তৰল, দায়সৰা মন্তব্য কৰা পৰিলক্ষিত হৈছে। 

তদুপৰি ৰাজ্য চৰকাৰে গঠন কৰি দিয়া তদন্ত কাৰী সংস্থা বা এছআইটিয়েও নির্বাচিত লোকৰ মতামত গ্রহণ কৰাৰ দবে নাভূত ন্যশ্রুত কার্য কৰা দেখা গৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাবত পৰিষদৰ নেতাগৰাকীয়ে লগতে কয় যে আজি বাক্সাত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে মূলতঃ ৰাজ্যৰ আৰক্ষী প্রশাসনেই জগৰীয়া।

কাৰণ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মাকে ধবি অভিযুক্ত সকলক নিৰাপত্তাৰ খাতিৰত বাক্সা জিলা কাৰাগাৰলৈ ন্যায়িক জিম্মাত নিয়াৰ পূর্বে কেনেকুৱা পৰিস্থিতি সৃষ্টি হব পাৰে সেয়া অসম আৰক্ষীয়ে অনুভৱ কৰিব নোৱাৰাটো অসম আৰক্ষীৰ চৰম ব্যর্থতা। অভিযুক্ত সকল কোনো সাধাৰণ লোকৰ ৰহস্যজনক মৃত্যু বা হত্যাৰ সৈতে নাম সাঙুৰ খোৱা অভিযুক্ত নহয়।

জুবিন গাৰ্গৰ দৰে এগৰাকী মহানাত্মাৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা অভিযুক্ত। যি গৰাকী জুবিন গাৰ্গৰ মৃত্যু এতিয়াও অসমৰ ৰাইজে মন মানসিকতাৰে স্বীকাৰ কৰি লব পৰা নাই, যাৰ মৃত্যুৰ শোকত আজিও ৰাইজ ম্ৰিয়মান। মৃত্যুৰ পিছতো যাৰ প্রভাব সমগ্র অসমত এতিয়াও বিদ্যমান। যি গৰাকী মৰমৰ শিল্পীৰ বাবে অসমৰ বহু মানুহ প্রাণ দিবলৈ সাজু। 

সেই গৰাকী জুবিন গাৰ্গৰ প্রভাৱ, তেখেতৰ অনুৰাগীৰ ক্ষোভ বুজিব নোৱাৰাটো ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীৰ চৰম দুৰ্বলতা। অন্যহাতে আজি বাক্সা কাৰাগাৰৰ সন্মুখত প্রথমে শান্তিপূর্ণভাবে প্রতিবাদ কৰি থকা অনুৰাগীক গীতার্থ দেবশর্মা নামৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰৰোচনামূলক ভাবে লাঠি চালনা কৰাৰ বাবেও অনুৰাগী সকল ক্ষোভিত হল।

 সেয়েহে গীতার্থ দেৱশর্মাক ততালিকে নিলম্বন কৰি এই বিষয়টোতো এক উচ্চণ্ডৰীয় তদন্ত হব লাগে বুলি পৰিষদৰ সভাপতি গৰাকীয়ে মত প্রকাশ কৰে। অন্যহাতে কালি বাক্সাৰ ঘটনাৰ পিছত অসমৰ মুখ্যমন্ত্রী গৰাকীয়ে বাক্সাৰ ঘটনাত তৃতীয় শক্তি জড়িত থকাৰ উল্লেখ কৰিছে।

বাক্সা জিলা কাৰাগাৰৰ সন্মুখত শান্তিপূর্ণভাবে প্রতিবাদ কৰি থকা প্রতিবাদী সকলক প্রৰোচিত কৰি উত্তেজিত কৰি হিংসাত্মক ৰূপ দিয়াৰ চেষ্টা কৰা আৰক্ষী বিষয়া গৰাকীও মুখ্যমন্ত্ৰীয়ে কবৰ দৰে তৃতীয় শক্তিৰ অংশ নিকি বুলি যুৱ-ছাত্ৰ পৰিষদে প্রশ্ন উত্থাপন কৰিছে। কাৰণ হিতেশ দেবশর্মা আৰু তেওঁৰ পুত্র আৰক্ষী বিষয়া গীতার্থ দেৱশর্মা আগৰে পৰাই জুবিন বিদ্বেষী বুলি অসমবাসীয়ে জানে।

 গতিকে মুখ্যমন্ত্রীয়ে উল্লেখ কৰা তৃতীয় শক্তিত গীতার্থ দেৱশর্মাও জড়িত আছে নেকি আৰু তেওঁ বাক্সাৰ আৰক্ষী অধীক্ষক গৰাকী প্রতিবাদ স্থলীত থকা অৱস্থাত আৰক্ষী অধীক্ষক গৰাকীৰ নির্দেশনা নোহোৱাকৈ কিয় নিজে লাঠি চালনা কৰিলে তাৰ তদন্তও হোৱা উচিত। ইফালে ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ প্রশাসন ব্যৱস্থাটোৱে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ বাবে কৰি থকা তদন্ত প্রক্ৰিয়াৰ বিষয় সমূহৰ গোপনীয়তা ৰক্ষা কৰিব পৰা নাই বুলি অভিযোগ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে।

শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মাকে ধৰি অভিযুক্ত সকলক নিৰাপত্তাৰ খাতিৰত বাক্সালৈ ন্যায়িক জিম্মাত ৰাখিবলৈ নিয়া বিষয়টো আগতিয়াকৈ ৰাজহুৱা কৰা হল। এয়া চৰকাৰৰ এটা সাংঘাতিক ভুল নে এয়া উদ্দেশ্যে প্রণোদিত তাবো তদন্ত হোৱা আbশ্যক।

আজি সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত পৰিষদৰ নেতাগৰাকীয়ে লগতে কয় যে অনাগত সময়ত চৰকাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত প্রক্রিয়া অতি সন্তর্পণে আৰু ক্ষীপ্রতাৰে তদন্ত প্রক্রিয়া সমাপন কৰিব লাগিব। নহ'লে ৰাইজৰ উমি উমি জ্বলা ক্ষোভৰ জুইয়ে দাবানলৰ ৰূপ লব। অসমৰ ৰাইজকো মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শান্তি শৃংখলা বজাই ৰাখি গণতান্ত্রিক পন্থাৰে প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাই যুৱ-ছাত্ৰ পৰিষদে।

বাক্সা কাৰাগাৰ