/asomiyapratidin/media/media_files/2026/02/08/elephant-2026-02-08-21-20-29.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শিকাৰহাটী, বৰিহাট, ভাল্লা আদি অঞ্চলত শনিবাৰে নিশা বন্যহস্তীয়ে উপদ্ৰৱ চলাই গঞাৰ বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে বস্তিৰ কল, তামোল আদি খাই যথেষ্ট অনিষ্ট সাধন কৰে। খবৰ মতে, নিশা খাদ্যৰ সন্ধানত অহা বন্যহস্তীয়ে শিকাৰহাটীৰ মাজৰবড়ীৰ হৰিমল দাসৰ ঘৰত উপদ্ৰৱ চলায়।
বন্যহস্তীয়ে ঘৰ-বাৰী ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বস্তিৰ সা-সম্পদো তহিলং কৰে। কথমপি প্ৰাণৰক্ষা পৰে গৃহস্থৰ। ঘটনাস্থলীত পিচত লোহাৰঘাটৰ বনবিভাগৰ লোক উপস্থিত হৈ ফটো তুলি নিয়ে দায়িত্ব সামৰে। আনহাতে, বৰিহাটৰ ভোগেশ্বৰ দাসৰ বস্তিৰ প্ৰায় ৩ কঠা ভূমিত থকা কল গছ, লোৰ গেট, পকি দেৱাল, দমকল আদি লণ্ড-ভণ্ড কৰে বন্যহস্তীয়ে।
লগতে বৰিহাটৰ নৰেণ দাস, নাৰায়ণ দাসৰ বস্তিত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। আৰু ভাল্লা আদি ঠাইতো গৃহস্থৰ ভৰাল ভাঙি ধান খায় বন্যহস্তীয়ে। এইক্ষেত্ৰত ভুক্তভোগী পৰিয়ালবৰ্গৰ খবৰ ল’বলৈ আহৰি পাবনে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হেমাংগ ঠাকুৰীয়াই?
ৰাইজে ভুক্তভোগী পৰিয়ালবৰ্গক ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছে। তদুপৰি এই বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ দাবী উত্থাপন কৰিছে ৰাইজে। গুৰুত্বপূৰ্ণ যে, পলাশবাৰী আৰু ৰাণী অঞ্চলৰ বিভিন্ন স্থানত আৱদ্ধ হৈ পৰা বন্যহস্তীয়ে সঘনাই এইদৰে উপদ্ৰৱ চলাই আহিছে যদিও ৰাজ্যৰ বনবিভাগ তথা আৰক্ষী প্ৰশাসনে কোনো ব্যবস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us