/asomiyapratidin/media/media_files/2025/11/09/177-2025-11-09-19-38-40.jpg)
ডিজিটেল সংবাদ, নলবাৰী : ‘‘এখন নতুন কিতাপ উন্মোচন কৰা মানে নতুন জগত এখন মুকলি কৰা। নতুন কিতাপ সকলোৱে আদৰি ল’ব লাগে।’’ টিহু হৰিমন্দিৰৰ আম্বেদকাৰ ভৱনত দেওবাৰে নলবাৰী জিলাৰ টিহু পৌৰসভাৰ পৌৰপতি তথা লেখিকা হিমানী মজুমদাৰ প্ৰণীত ‘নীলাভ বেদনাত উচুপি উঠে হৃদয়’ নামৰ কবিতাপুথি এখন উন্মোচন কৰি এইদৰে কয় বিএইচবি মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ নমিতা দাস গুৰুঙে।
ভাষণ প্ৰসংগত তেওঁ কয় যে নতুনসকলক কিতাপ পঢ়াৰ প্ৰতি ধাউতি বঢ়াবলৈ পৰিয়ালৰ আৰু সমাজৰ জ্যেষ্ঠসকলে উৎসাহ যোগাব লাগিব। তেওঁ জুবিন গাৰ্গৰ সান্নিধ্য লাভেৰে পোৱা অভিজ্ঞতাৰ বিষয়ে বিৱৰি বিশ্বশিল্পীগৰাকীৰ কেইবাটাও গীত পৰিৱেশন কৰে।
শিক্ষাব্ৰতীগৰাকীয়ে প্ৰিয় শিল্পীগৰাকীৰ বিষয়ে কৈ ভাষণৰ মাজত স্মৃতিকাতৰ হোৱা দেখা যায়। চিৰ চেনেহী মোৰ ভাষা জননী বৃন্দগীতেৰে টিহু সাহিত্য সভাৰ সভাপতি ডঃ সুৰজিৎ বৰ্মনৰ পৌৰোহিত্যত হোৱা সভাখনৰ পূৰ্বে টিহু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণাপাণি কলিতা পাঠক, অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক বঁটাপ্ৰাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা প্ৰমুখ্যে একাধিক লোকে বিশ্বশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।
কবিতা পুথিখনৰ প্ৰণেতা তথা সমাজসেৱিকা হিমানী মজুমদাৰে পুথিখন লিখাৰ আঁৰৰ প্ৰেৰণা, পৰিৱেশ আদিৰ বিষয়ে বিৱৰি কয়। সভাখনৰ আঁত ধৰে টিহু মহাবিদ্যালয়ৰ অধ্যাপক ডঃ হেমেন ৰাজবংশী আৰু টিহু সাহিত্য সভাৰ সম্পাদক নিতু শৰ্মাই।
টিহু এফআৰইউ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ তপন তালুকদাৰ, টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰেশ ভৰালী, টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শংকৰ কুমাৰ দাস, টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ সাৱিত্ৰী বেজবৰুৱা, টিহু ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী লাৱণ্য ডেকা, টিহু হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জু তালুকদাৰ, বিশিষ্ট তবলা বাদক প্ৰতাপ দাস, টিহু সাহিত্য সভাৰ উপ সভাপতি অজিত কুমাৰ শৰ্মা, টিহু লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা কনিকা বৰ্মন, সাংবাদিক কিশোৰ কুমাৰ শৰ্মা আৰু বিমান কলিতা, কবি আবেদুৰ ৰহমান, লেখিকা অলকা বুজৰবৰুৱা, হীৰামণি হালৈ, দীপাঞ্জলি পাঠক, কবি উপকুল ঠাকুৰীয়া, পূৰ্ণিমা তালুকদাৰ, অলকেশ ঠাকুৰীয়া, ফুলেশ্বৰী ডেকাবৰুৱা, অলকানন্দ ঠাকুৰীয়া, পুথিখনৰ প্ৰকাশক নিতুমণি দাস প্ৰমুখ্যে বিশিষ্ট লোকসকলেও অনুষ্ঠানত ভাগ লৈ শুভবাৰ্তা প্ৰদানৰ লগতে কেইবাগৰাকীয়ে কবিতাপাঠ আৰু সংগীত পৰিৱেশন কৰে। অসম সংগীতেৰে সভা সামৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us