/asomiyapratidin/media/media_files/2025/09/14/348-2025-09-14-11-47-59.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড় : ডিব্ৰু মহাবিদ্যালয়ৰ সহযোগত আৰু কবিতা অধ্যয়ন গোটৰ উদ্যোগত যোৱা ১৩ ছেপ্টম্বৰ, ২০২৫ৰ আবেলি ডিব্ৰু মহাবিদ্যালয়ত 'কবিতা ফুটাই পঢ়া' শীৰ্ষক কবিতা পাঠৰ এটা অগতানুগতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজি জিলাৰপৰা অহা বিশগৰাকী কবিয়ে কবিতা পাঠ কৰে।
প্ৰতিগৰাকী কবিয়ে একোটা স্বৰচিত কবিতাৰ লগতে সমসাময়িক অন্য এগৰাকী কবিৰ একোটাকৈ কবিতাও পাঠ কৰে। মূলতঃ শৰতক আদৰণি জনোৱাৰ উদ্দেশ্য আয়োজিত অনুষ্ঠানটিত আৰম্ভণি বক্তব্য প্ৰদান কৰে কবি, অনুবাদক ড° কল্যাণ ভূঞাই।
অনুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন চাংমায়ে আদৰণি ভাষণ প্ৰদান কৰি কবিসকলক স্বাগতম জনায়। কবি, সমালোচক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানটিত কবিতা পাঠ কৰা কবিসকল হ'ল হিতেন শৰ্মা, চেনীৰাম গগৈ, সত্যজিৎ গগৈ, বীৰেন গগৈ, যতীন কোঁৱৰ, ফৰিদা আহমেদ, হেমপ্ৰভা মৰাণ, মানসী গগৈ, গোপাল চন্দ্ৰ হাজৰিকা, ৰঞ্জিৎ কুমাৰ বৰুৱা, অনিৰ্বাণ দত্ত, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, প্ৰণৱী গগৈ, কৌশিক বাস্যস, মেঘালি চলিহা, মৌচুমী দত্ত, নীল নয়ন, অমন জ্যোতি মহন্ত, কল্যাণ ভূঞা আৰু প্ৰকল্প ৰঞ্জন ভাগৱতী। আনহাতে কবিসকলৰ বাছনিত স্থান পোৱা সমসাময়িক অন্য কবিৰ ভিতৰত অনুভৱ তুলসী, বিপুলজ্যোতি শইকীয়া, সনন্ত তাঁতি, শ্বৰীফা খাতুন চৌধুৰী, ৰাজীৱ বৰা, অজিৎ গগৈ অন্যতম।
উল্লেখযোগ্য যে প্ৰতিগৰাকী কবিক কবিতা অধ্যয়ন গোটৰ তৰফৰ একোটাকৈ কলমেৰে আদৰণি জনোৱা হয়।